"প্ৰধানমন্ত্ৰী মোডীৰ চকুপানীয়ে কৰোনা মৃত্যু ভুক্তভোগী পৰিয়ালবোৰৰ চকুপানী মচিব নোৱাৰে" : কংগ্ৰেছ নেতা ৰাহুল গান্ধী

Photo source: Google 

কৰোনা সংকটৰ প্ৰসংগ উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কেন্দ্ৰক কৰোনা তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰাত সহায় কৰিবলৈ তেওঁ এখন শ্বেতপত্ৰও প্ৰকাশ কৰে। দেশত কৰোনা তৃতীয় ঢৌ অৱশ্যম্ভাৱী বুলি ভালেমান বিশেষজ্ঞই ইতিমধ্য মত প্ৰকাশ কৰিছে। এনে আশংকাৰ মাজতে আজি ৰাহুলে মোদীক সমালোচনা কৰি কয়, ‘দ্বিতীয় ঢৌৰ সময়ত মৃত্যুমুখত পৰা ৯০ শতাংশ লোকৰ মৃত্যু প্ৰতিহত কৰিব পৰা গ’লহেঁতেন। যদিহে সময় মতে অক্সিজেন যোগান ধৰিব পৰা হলে।


এইসকল লোকৰ মৃত্যুৰ আটাইতকৈ ডাঙৰ কাৰণ আছিল অক্সিজেনৰ নাটনি। প্ৰধানমন্ত্ৰী মোডীৰ চকুপানীয়ে এই ভুক্তভোগী পৰিয়ালবোৰৰ চকুপানী মচিব নোৱাৰে। তেওঁৰ চকুপানীয়ে তেওঁলোকক ৰক্ষা কৰিব নোৱাৰে। অক্সিজেনেহে পাৰিব। কিন্তু তেওঁ এই বিষয়তো গুৰুত্ব সহকাৰে নল’লে, কিয়নো তেওঁ তেতিয়া পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ওপৰতে মনযোগ কেন্দ্ৰীভূত কৰিছিল।’

ৰাহুলে ক’ভিডৰ ফলত পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন হেৰাই যোৱা পৰিয়ালবোৰক ক্ষতিপূৰণ দিব নোৱৰা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে, কেন্দ্ৰই পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰি ৪ লাখ কোটি উপাৰ্জন কৰিছে। যিবোৰ পৰিয়ালে তেওঁলোকৰ মূল উপাৰ্জনকাৰীজনক হেৰুৱাইছে সেই পৰিয়ালবোৰত ক্ষতিপূৰণ দিয়া উচিত।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post