ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন SOP, জানি থওঁক আপোনাৰ জিলাত কি কি নতুন নিয়ম প্ৰৱৰ্তন হব

New sop in assam
Photo source: Google 

ৰাজ্য চৰকাৰে ঘোষণা কৰিলে নতুন SOP। গুৱাহাটীত নহ'ব কনো ধৰণৰ সালসলনি, দুপৰীয়া ২ বজাৰ পৰাই সান্ধ্যআইন বলবৎ থাকিব গুৱাহাটীত। কেইবাখনো জিলাত সন্ধিয়া ৫ বজাৰ পৰা সান্ধ্যআইন বলবৎ হ’ব। দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁৱত ৫ বজাৰ পৰা সান্ধ্যআইন বলবৎ হ’ব। চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলঙত ৫ বজাৰ পৰা সান্ধ্যআইন বলবৎ হ’ব।


ইয়াৰ ওপৰিও ৫ খন জিলাত বলবৎ হ'ব পাৰে কঠোৰ নীতি-নিৰ্দেশনা। কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড় জিলাত চোকা নজৰ থাকিব প্ৰশাসনৰ। যিকেইখন জিলাত কৰোনা সংক্ৰমন বৃদ্ধি পাইছে সেইকেইখ জিলাত সম্পুৰ্ণ lockdown হোৱা সম্ভাৱনা আছে। শোণিতপুৰ, নগাঁও জিলাতো চোকা নজৰ চৰকাৰৰ। নতুন SOP মতে গুৱাহাটীত দুপৰীয়া ১ বজালৈ চলিব চৰকাৰী-বেচৰকাৰী কাৰ্যালয়সমূহ। গুৱাহাটীত দুপৰীয়া ১ বজালৈ খোলা থাকিব দোকান-পোহাৰ।

ভেকচিনৰ দুটা ড’জ লোৱা সকলো কৰ্মচাৰী কাৰ্যলয়ত উপস্থিত থকাটো বাধ্যতামূলক। গৰ্ভৱতী আৰু ৫ বছৰৰ তলৰ শিশু থকা মহিলাক ৰেহাই দিয়া হৈছে। এইসকল মহিলাই কৰিব পাৰিব ঘৰৰ পৰাই কাম। শিক্ষানুষ্ঠানসমূহত অব্যাহত ৰাখিব অনলাইন ক্লাছ। 
New SOP in assam

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post