মুখ্যমন্ত্ৰী শৰ্মাৰ উপস্থিতিত সোমবাৰে লখিমপুৰত NHPCৰ গেষ্ট হাউছত বিজেপিত যোগদান কৰিব ৰূপজ্যোতি কুর্মীয়ে

Photo source: Google 

কংগ্ৰেছৰ পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি সাংবাদিকৰ কয় যে "মই বিজেপি দলত যোগদান কৰাত দেৰি কৰিলো, আগতেই বিজেপিত যোগদান কৰা হ'লে মৰিয়নী আৰু উন্নতি হ'ল হয়।"

বিজেপিত যোগদানৰ পূৰ্বে কেশৱধামলৈ গৈ হাতযোৰ কৰিম আৰু প্ৰয়োজন সাপেক্ষে আঁঠু কাঢ়িম বুলিও মন্তব্য কৰি কুৰ্মীয়ে পূৰ্বে বিজেপিৰ বিৰুদ্ধে যিবোৰ কথা কৈছিল তাৰ প্ৰায়চিত্ত কৰিব লাগিব বুলি মন্তব্য কৰে৷

বিজেপিৰ পৰা পুনৰ প্ৰাৰ্থীত্ব পালে মৰিয়নী ৰাইজে জিকাই পঠাব বুলিও তেওঁ মন্তব্য কৰে। ইফালে, বিজেপিত যোগদান কৰা কথাক লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মাতৃয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, ‘মই ভুল কাম কৰা নাই আৰু নকৰোঁ কেতিয়াও। মোক বিশ্বাস ৰাখক, কেৱল বিৰোধিতা কৰি থাকিলে সমষ্টিৰ উন্নয়ন নহ’ব, মাৰ খং উঠিছে, সেয়া স্বাভাৱিক।’

লগতে মৰিয়নী বিধায়ক জনে কয়- "অসমত বিজেপি চৰকাৰ আৰু ১৫/২০ বছৰ থাকিব।ক্ষমতাৰ বাবে দল ত্যাগ কৰা নাই। মৰিয়নী উন্নতি ৰাইজৰ উন্নতি কাৰণে বিজেপিত যোগদান কৰিছো।"

লগতে তেওঁ মুখ্যমন্ত্ৰীক গধুৰ দায়িত্ব নিদিবৰ বাবেও আহ্বান জনায়। কিছুদিনৰ ভিতৰত আৰু দুই এজন বিৰোধী দলৰ নেতা বিজেপিলৈ যাব বুলিও তেওঁ মন্তব্য কৰে৷

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post