Corona 3rd wave:- বিশেষজ্ঞৰ সতৰ্কবাণী, ৬ পৰা ৮ সপ্তাহৰ ভিতৰত আহিব কৰোনা তৃতীয় ঢৌ

Photo source: Google 

দেশেত কৰোনা পৰিস্থিতিৰ অলপ উন্নত হৈছে যদিও বিপদমুক্ত হোৱা বুলি ভবিব পৰা হোৱা নাই। দেশত কৰোনা তৃতীয় ঢৌ অহাটো অৱশ্যম্ভাৱী বুলি মন্তব্য কৰিছে দেশৰ শীৰ্ষস্তৰৰ চিকিৎসা বিশেষজ্ঞই। দেশত অহা ছয়ৰপৰা আঠ সপ্তাহৰ ভিতৰত তৃতীয় ঢৌ সৃষ্টি হোৱাৰ আশংকা ব্যক্ত কৰিছে এইমছৰ মুৰব্বী ডাঃ ৰণদ্বীপ গুলেৰিয়াই। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত গুলেৰিয়াই এই উদ্বেগজনক তথ্য সদৰি কৰে। তেওঁ লগতে কয় যে, দেশৰ বৃহৎসংখ্যক জনগণক টিকাকৰণেৰে সামৰি লোৱাটো ভাৰতৰ বাবে মূল প্ৰত্যাহ্বানত বুলি উল্লেখ কৰে।


ভেকচিনৰ দুপালিৰ মাজত সময়ৰ ব্যৱধান বৃদ্ধি কৰাটো অধিকসংখ্যক লোকক টিকাকৰণেৰে সামৰি লোৱাৰ বাবে বৰ বেয়া পদক্ষেপ নহয় বুলিও তেওঁ মন্তব্য কৰে। দেশত ‘আনলক’ আৰম্ভ হোৱাৰ লগে লগে পুনৰ ক’ভিড প্ৰতিৰোধৰ বাবে অনুকূল আচৰণ হেৰাই যোৱাৰ প্ৰসংগও তেওঁ উল্লেখ কৰে। ‘আমি দেশত আনলক আৰম্ভ কৰাৰ লগে লগে ক’ভিড প্ৰতিৰোধৰ বাবে অনুকূল বিবেচিত আচৰণ পুনৰ হেৰাই গৈছে। প্ৰথম আৰু দ্বিতীয় ঢৌৰ সময়ত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰপৰা আমি হয়তো শিক্ষা লোৱা নাই। পুনৰ মানুহৰ সমাগ ম বৃদ্ধি পাইছে। ৰাজহুৱা স্থানত মানুহে ভিৰ কৰিছে। দেশজুৰি সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পাবলৈ অলপ সময় আছে যদিও দেশত তৃতীয় ঢৌ অহাটো অৱশ্যম্ভাৱী।

ডাঃ গুলেৰিয়াই কয়- অহা ৬ বা ৮ সপ্তাহৰ ভিতৰত তৃতীয় ঢৌ আহিব পাৰে, হয়তো তাতকৈ অলপ বেছি সময় ল’ব পাৰে।’ উল্লেখ্য যে, দেশৰ কেৱল ৫ শতাংশ নাগৰিককহে এতিয়ালৈ সম্পূৰ্ণ টিকাকৰণেৰে সামৰি লোৱাটো অৰ্থাৎ দুয়োপালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰাটো সম্ভৱ হৈছে। চৰকাৰে বাকী থকা ১০৮কোটি লোকক এই বছৰৰ শেষলৈকে টিকাকৰণেৰে সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে যদিও এই লক্ষ্যত উপনীত হোৱাটো সন্দেহৰ আৱৰ্ততে ৰৈ গৈছে। তৃতীয় ঢৌ ৰোধ কৰিবলৈ সৰ্বাধিকসংখ্যক লোকৰ টিকাকৰণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বিভিন্ন বিশেষজ্ঞই।



Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post