নাৰীৰ সামাজিক মৰ্য্যদাত অসমীয়া সাজপাৰৰ প্ৰভাৱ

Photo source: Google 

মানুহৰ মৌলিক প্রয়ােজন সমূহৰ ভিতৰত বাসস্থান, সাজপাৰ আৰু খাদ্য। এইটা কথাই গুৰুত্বপুর্ণ স্থান অধিকাৰ কৰে। সভ্যতাৰ আৰম্ভণিতে সাজাপাৰ পৰিধান কৰাৰ উদ্দেশ্যে আছিল শীত - তাপ , বিষাক্ত কীট - পতংগৰ পৰা নিজকে ৰক্ষা কৰা। সভ্যতাৰ উত্তৰণ ঘটাৰ লগে লগে সাজপাৰ বা বস্ত্রই এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে । আদিম কালত মানৱে উলংগ হৈ থকাৰ পৰা লাজ নিবাৰণ কৰিবলৈ প্ৰাৰম্ভিক সাজৰূপে গছৰ বাকলি , গছৰ পাত , জীৱ জন্তু চাল আদি পৰিধান কৰিছিল । সভ্যতাৰ সুদীর্ঘ বছৰ পৰিক্ৰমাত মানুহৰ সাজপাৰ লাজ নিবাৰণৰ আহিলা হৈ নাথাকিল । ভৌগােলিক অৱস্থান , সামাজিক পৰম্পৰা , ধর্মীয় ৰীতি - নীতি আদিয়ে সাজ - পােচাকৰ ওপৰত বাৰুকৈয়ে প্রভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে।

সাজ - পােছাকে নিজৰ স্বকীয় বৈশিষ্টৰে এটা জাতিৰ সভাতা - সংস্কৃতি পৰিচয় দাঙি ধৰে । অসমীয়া , বঙালী , উৰিয়া , পঞ্জাৱী , মাৰােৱাৰী আদি সকলাে ভাৰতীয়ৰে নিজৰ নিজৰ সাজপাৰৰ বৈশিষ্ট আছে । ঠিক তেনেকৈ অসমীয়া সকলৰ - বড়াে , কছাৰী , লালুং , মিচিং , দেউৰী , মৰাণ , মটক আহােমসকলৰ স্বকীয় সাজপাৰ আছে । কিন্তু অসমীয়া সাজপাৰ বুলিলে অসমীয়া তিৰােতাই তাঁতশালত নিজে বৈ কাটি লােৱা কপাহী , মুগা , পাট বা মেজাঙ্কৰী আৰু এড়িৰ কাপােৰকে বুজায় । তিৰােতাসকলৰ নিজ হাতে বৈলােৱা – ৰিহা , মেখেলা , চাদৰ - চেলেং , সেইদৰে পুৰুষসকলৰ চুৰিয়া , চেলেং আৰু গামােচা আদিক বুজায় । ইয়াৰ উপৰি পুৰুষ - নাৰীয়ে পৰিধান কৰা বেলেগ বেলেগ সাজপাৰে বয়স ৰুচি , সামাজিক মর্যাদা ব্যক্তিত্বৰ পৰিচয় দাঙি ধৰে ।

Photo source: Google 

তিৰােতাৰ অলংকাৰ বুলি ক'লে সাধাৰণতে সােণৰূপৰ অলংকাৰকে বুজায় । অতি প্রাচীন কালৰেপৰাই ভাৰতীয় নাৰীয়ে অলঙ্কাৰ ব্যৱহাৰ কৰি আহিছে । অসমীয়া নাৰীও ইয়াৰ ব্যতিক্রম নহয় । অসমীয়া নাৰীৰ অলঙ্কাৰ বুলিলে দুগগী , জোনবিৰি , গলপতা , ঢােলবিৰি , সাতসৰী এইবিলাক ডিঙিত পিন্ধা ; সেইদৰে কাণত পিন্ধা কানফুলি , ঠুৰিয়া , জাংফাই , কেৰু হাতত পিন্ধা হাতৰ মুঠি খাৰু , গাম খাৰু , বাউতি আৰু মিহি সৰু হাতৰ আঙুলিত পিন্ধা মিনাকৰা আঙুঠি , জেঠী নেজিয়া আঙুঠি , পান চিৰা আঙুঠি আজি সাজ - পাৰৰ লগতে অসমীয়া তিৰােতাই এইবিলাক অলঙ্কাৰাে পৰিধান কৰে ।

অসমীয়া মহিলাৰ আভূষণৰ মাজতে সাজ - পাৰ লগতে অলঙ্কাৰ এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে । অসমীয়া অলঙ্কাৰ অকল নাৰীৰ মাজতেহে সীমাবদ্ধ তেনে নহয় ; পুৰুষেও অলঙ্কাৰ ব্যৱহাৰ কৰে । মতামণি , ৰাঙমণি , সােণ-ৰূপৰ চেইন আদি ডিঙিত পিন্ধে , কাণত কাণ ফুলিও পিন্ধে ।

নাৰীৰ মৰ্য্যদা ৰক্ষাত সাজ - পাৰ আৰু শালীনতা খুবেই প্রয়ােজন । মহিলাই ভৰি সৰু গাঁঠি স্পর্শ কৰাকৈ মেখেলা পিন্ধে । ৰিহাখন বুকুৰ পৰা তপিনালৈকে ঘূৰাই লয়। ৰিহাৰ কাঁচলীয়ে বক্ষ বন্ধনী কাম কৰে । ৰিহা লােৱা এনে নিয়মে পিঠিখন সম্পূর্ণ । ৰূপে ঢাকি ৰাখে লগতে ৰিহা ব্যৱহাৰত নাৰীৰ শৰীৰৰ বিভিন্ন অংগৰ ৰেখাসমূহ লক্ষণীয়ভাবে প্রকট হৈ পৰে । বিবাহিতা মহিলাই কেতিয়াবা ৰিহাৰ প্রকাশেৰে ওৰণিও লয় । উৎসৱ অনুষ্ঠান বিশেষে ৰিহা ওপৰত চাদৰ বা চেলেং কাপােৰ লােৱা হয় । এই কাপােৰখনে নাৰীদেহ আচ্ছাদিত কৰি ৰাখে । সাধাৰণতে কিছুদিনৰ আগলৈকে অসমীয়া তিৰােতাই মেথনি মাৰি মেখেলা পিন্ধিছিল অর্থাৎ বুকুৰ পৰা আঠুৰ কিছু তললৈকে পৰাকে মেখেলা পিন্ধিছিল সময় বিশেষে তাৰ ওপৰত চাদৰ এখন লৈছিল । অর্থনৈতিক সুবিধা অনুসাৰে মুগা , পাতৰ বা কপাহী , বুতা বছা বিভিন্ন ৰঙৰ কাপােৰ অসমীয়া তিৰােতাসকলে পিন্ধে । বিবাহিতা তিৰােতাই মূৰত ওৰণি লয় । 

Photo source: Google 

হিন্দু তিৰােতাই কপালত আৰু সিৰত সেন্দুৰ লয় । কেশ - বিন্যাসৰ প্রচলন অসমীয়া তিৰােতাৰ মাজত পুৰণি কালৰ পৰাই আছে । বিভিন্ন ধৰণে খােপা বান্ধি সৌন্দর্যবর্ধন কৰা হয় । খােপাত বিভিন্ন ফুল , ফুলৰ মালা , সােন - ৰূপৰ অলঙ্কাৰ আদি গুজি নিজকে সৌন্দর্যমুখী কৰে ।

পুৰুষে সাধাৰণতে তিনিপদ কাপােৰ ব্যৱহাৰ কৰে । প্রথম পদ ধুতি , আঠুৰ তললৈ আৰু কেতিয়াবা ভৰিৰ সৰু গাঁঠি পােৱাকৈ থােৰ মাৰি ধূতি পিন্ধে । দ্বিতীয় পদ চেলেং চাদৰ । চাদৰ বিভিন্ন প্রকাৰে লৈ শৰীৰৰ উদ্ধভাগ আচ্ছাদিত কৰি লয় । এই চাদৰ লােৱাৰাে ধৰণ আছে । কেতিয়াবা কেবল ডিঙিত এমেৰ দি এটা অংশ আগফালে আৰু আনটো আখ পাছফালে পিঠিত পেলাই থােৱা হয় । কেতিয়াবা চাদৰখন গাত মেলি কেৱল সে আচলটো বাওঁ কান্ধত ছাটি মাৰি পেলাই থােৱা হয় আৰু কেতিয়াবা চাদৰখন পিঠিত মেলি দুফালৰ দুটা আংচল দুই বাউসিত পেলাই থােৱা হয় । ডিঙিত ফুলাম গামোচা দুই আগফাল ৰখা হয়। আজি কালি আঠু ওচৰলৈকে পৰা দীঘল কামিজ পৰিধান কৰে। গামোচা মূলত: অংগ বস্ত্র। সম্প্ৰতি অসমীয়া গামোচা অসমীয়া জাতিৰ প্ৰতীক।


Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post