হিমা দাসে ক'ভিড-১৯ ভেকছিনৰ প্ৰথমটো পালি গ্ৰহণ কৰি কয়--

Photo source: Google 

৭ মে': ধিং এক্সপ্রেছ হিমা দাসে ক'ভিড-১৯ ভেকছিনৰ প্ৰথমটো গ্ৰহণ কৰে। ক'ভিড ভেকছিনৰ প্ৰথম পালি গ্ৰহণ কৰি টুইটাৰৰ জৰিয়তে সকলোকে ক'ভিডৰ টিকাকৰণ কৰাবলৈ আহ্বান জনায়। ক্ৰীড়া ক্ষেত্ৰত সু-কৃতিত্ব অৰ্জন কৰা হিমা দাসক অসম চৰকাৰে শেহতীয়াকৈ উপ আৰক্ষী অধীক্ষক (ডিএছপি) হিচাপে  নিযুক্তি প্ৰদান কৰিছিল। 


ভাৰতৰ খেল জগতৰ নতুন দিগন্ত সুচনা কৰা মহিলা হিমা হৈছে আইএএএফ বিশ্ব অনুৰ্ধ-২০ চেম্পিয়নশ্বিপত গোলকীয় ট্ৰেক ইভেণ্টৰ যিকোনো ফৰ্মেটত সোণৰ পদক অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা খেলুৱৈ।

অসমৰ হিমাই ৫১.৪৬ ছেকেণ্ডৰ গতি বেগ লৈ উক্ত খীতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। হিমাই ২০১৯ চনত পাঁচটা সোণৰ পদক অৰ্জন কৰিছিল লগতে ২০ জুলাই,  তাৰিখে নভ মেষ্টো এথলেটিকছ মিটত হিমাই পঞ্চম পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

হিমাই ৪০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰিবলৈ ৫২.০৯ ছেকেণ্ড সময় লৈছিল আৰু  'টেবৰ এথলেটিক মিট'ত ২০০ মিটাৰত স্বৰ্ণ জয় কৰিছিল। হিমাই বিভিন্ন প্ৰতিযোগিতাত ৩ টাকৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ক্লাডো এথলেটিক মিট, কুণ্টো এথলেটিকছ মিট, আৰু প'জনান এথলেটিকছ গ্ৰেণ্ড প্ৰিক্স হিমাই সোণৰ পদক লাভ কৰি অসমক গৌৰৱাম্বিত কৰিছিল।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post