![]() |
Photo source: Google |
মুখ্যমন্ত্ৰী আখন খনক লৈ যেনেদৰে দুজন নাম চৰ্চা হৈছে থিক তেনেদৰে বিধায়কৰ সকলো দুটা ভাগত বিভক্ত হৈছে সেইটো খাটাং। আজি একেখন বিমানযোগে দিল্লীলৈ ৰাওনা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মাক সংগ দিছে তৰংগ গগৈয়ে। আনহাতে সৰ্বানন্দ সোণোৱালক সংগ দিছে বিধায়ক বিমল বৰাই।
কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?
আজি ৮মে পুৱা বিশেষ বিমান যোগে দিল্লীলৈ ৰাওনা হৈছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। দুয়োগৰাকী ৰাজ্যিক বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতা একেখন বিমানতে দিল্লীলৈ উৰা মাৰিছে। হিমন্ত বিশ্ব শৰ্মাক সংগ দিছে তৰংগ গগৈয়ে। আনহাতে সৰ্বানন্দ সোণোৱালক সংগ দিছে বিধায়ক বিমল বৰাই।
দিল্লীত জে পি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকতে আজি চূড়ান্ত হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। আজি সামৰণি পৰিব এই বিশেষ চৰ্চা। ইফালে আমাৰ হাতত আহি পৰা খবৰ অনুসৰি, অসমৰ দুয়োগৰাকী নেতাক একেলগে বহুৱাই কেন্দ্ৰীয় নেতৃত্বই পৰ্যালোচনা কৰিব সকলো বিষয়। আৰু বৈঠক শেষ হোৱাৰ পিছতে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম আনুষ্ঠানিক ভাবে ঘোষণা কৰা হ'ব বুলি জানিব পৰা গৈছে।
সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে পুৱা ১০:৩০ বজাত দিল্লীত বিজেপিৰ সভাপতি জে পি নড্ডাক সাক্ষাৎ কৰিব। তাৰ পিছতে প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডী ডাঙৰীয়াই সিদ্ধান্ত গ্ৰহণ কৰিব কাক অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী দ্বায়িত্ব দিয়া হ'ব।
Post a Comment
Please do not enter any spam link in the comment box.