অসমত কৰোনা শেহতীয়া পৰিস্থিতি আৰু লকডাউনৰ প্রয়োজনিয়তা


কোৰোনাৰ দ্বিতীয় সংক্ৰমণৰ ঢৌ কমাৰ নামেই নোলোৱা হল। দেশত প্ৰতিদিনে পূৰ্বৰ দিনৰ অভিলেখ ভংগ কৰিছে কোৰোনাত মৃত্যু হোৱা আৰু সংক্ৰমন সংখ্যা্ই। আনবোৰ ৰাজ্যৰ তুলনাত অসমত কোৰোনাৰ প্ৰকোপ কোনো গুণে কম নহয়। শেহতীয়াকৈ ৪-৫ দিনত ভিতৰত আচৰিত ভাৱে বৃদ্ধি পাইছে কৰোনা ভাইৰাচৰ আক্ৰান্ত লোকৰ সংখ্যা।


যোৱা কেইদিনমানত দিনটোত এটা দিনতে ৫৫ গৰাকীকৈ ৰোগীয়ে অসমত মৃত্যু হব লগিয়া হৈছে। যোৱা এসপ্তাহত অসমত গড় হিচাপত প্ৰতিদিনে ৪০গৰাকীকৈ ৰোগী মৃত্যু হৈছে কৰোনাত আক্ৰান্ত হৈ। প্ৰতিটো দিনত আক্ৰান্ত লোকৰ সংখ্যা ৪ হাজাৰো অধিক হৈছেগৈ।

কোৰোনাক প্ৰতিহত কৰিবলৈ অসমত লকডাউনৰ সদৃশ পৰিবেশৰ সৃষ্টি কৰিছে যদিও যোৱা দুটা দিনত কোৰোনা পৰিস্থিতি কোনো উন্নতি হোৱা দেখা নাই।
কোৰোনাৰ বিধ্বংসী ৰূপৰ ওপৰত লক্ষ্য ৰাখিয়েই মধ্যপ্ৰদেশ- মহাৰাষ্ট্ৰ-কেৰালাৰ দৰে দেশত সম্পূৰ্ণ লকডাউনৰ পন্থা গ্ৰহণ কৰিছে। অসমতো সম্পূৰ্ণ ৰূপে লকডাউন প্রয়োজনিয়তা আছে নেকি ?

অসমতো লকডাউন সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে যদিও বহুক্ষেত্ৰত থকা সুৰুঙাৰ বাবেই কোৰোনাৰ সংক্ৰমণ লাহে লাহে বৃদ্ধি পোৱা বুলি সচেতন মহলে চৰ্চা হৈছে। সাধাৰণতে বহিঃৰাজ্যৰ পৰা অসমলৈ অহা বিভিন্ন সামগ্ৰী পৰিবাহী ট্ৰাক চালক বা বহিঃৰাজ্যত কৰ্মচাৰীৰ সকলক কোৰোনা টেষ্টৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা প্ৰশাসনে উচিত ব্যৱস্থা লোৱা নাই।

যি সময়ত বহিঃৰাজ্যত কোৰোনাৰ কালৰূপে ধৰিছিল, তেনে সময়ত বহিৰাজ্যৰ পৰা অসমলৈ ট্ৰাকসমূহক লৈ সচেতন নহ'ল প্ৰশাসন অথবা চৰকাৰ। অসম চৰকাৰে এই দিশত গুৰুত্ব প্ৰদান নকৰাৰ কাৰণে আজি অসমত কৰোনা ভয়ানক ৰূপে বৃদ্ধি পাইছে।

এতিয়া চৰকাৰে দুগুণে কষ্ট কৰিব লাগিব,
কোৰোনাত আক্ৰান্ত লোকসকলৰ উপৰিও এই জটিল পৰিস্থিতি অসম চৰকাৰে অন্য দুখীয়া-দৰিদ্ৰ দিন হাজিৰা কৰি খোৱা লোক সকলৰ দায়িত্বও সমানে লব লাগিব। ৰাষ্ট্ৰীয় পৰ্যায়ত লকডাউনৰ চিন্তা-চৰ্চা ইতিমধ্যে কৰা হৈছে। এনে কৰিলে অসম চৰকাৰ সেই লকডাউনৰ সৈতে মোকাবিলা কৰিবলৈ আগতীয়াকৈ সাজু হব লাগিব। নহ'লে লকডাউন সফল হোৱা আশা কম কাৰণ কৰোনা ভয়তকৈ আৰ্থিক সংকট বেছি ভয়ানক।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post