মাইক্ৰ ফাইনেন্সসমূহৰ ঋণ মাফ:- নিৰ্বাচনী প্ৰচাৰত কোৱা কথা পলিটিকেল ষ্টেটমেণ্টহে চৰকাৰে কোৱা কথা নহয়, ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কয় এই কথা

Photo source: Google 

মাইক্ৰ ফাইনেন্সসমূহৰ ঋণ মাফ কৰিব চৰকাৰে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কয় এই কথা । মাইক্ৰ’ ফাইনেন্সসমূহৰ বন্ধন বেংককে ধৰি বহু কেইটা বেংকৰ সৈতে চৰকাৰে আলোচনা কৰা বুলি সংবাদমেলত ব্যক্ত কৰে মন্ত্রী গৰাকীয়ে।


লগতে তেওঁ কয় "মই প্ৰতিখন সভাতে দুখীয়া সকলকহে ঋণ মাফ কৰা কথা কৈছিলো, আৰু সেইটো এটা ৰাজনৈতিক ভাষন হে আছিল, নিৰ্বাচনী প্ৰচাৰত কোৱা কথা পলিটিকেল ষ্টেটমেণ্টহে, চৰকাৰৰ কথা নহয়, মই বিজেপি নেতা হিচাপে কোৱা কথা । তথাপিও আমি দুখীয়া সকলক ঋণ মাফ কৰি দিম।"

আৰবিআইৰ নিয়ম অনুসৰি দুখীয়া আৰু আৰ্তজনৰ ঋণহে মাফ কৰিব লাগিব, লগতে আৰবিআইৰ নিয়ম উলংঘা কৰিও প্ৰতিষ্ঠানসমূহে্ ঋণ দিছিল বুলি মন্তব্য কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, "এই ঋণ মাফ কৰিবলৈ মুঠ ৮২৫০ কোটি টকাৰ প্ৰয়োজন হ’ব। ঋণ লোক সকলক তিনিটা ভাগত ভাগ কৰা হ'ব। প্ৰথম যিসকলে ঋণ মাফকৰা কথা কোৱা নাই আৰু এতিয়াও নিয়মীয়াকৈ কৃষ্টি দি আছে, তেওঁ লোকক চৰকাৰে পুৰস্কাৰ হিচাপে অলপ সহায় কৰিব।

দ্বিতীয়তে যিসকলে কৃষ্টি দি আছিল চৰকাৰে দিম বুলি কোৱা পাছৰে পৰা নিদিয়া হল, তেওঁলোকে আকো দিব আৰম্ভ কৰে তেতিয়া তেওঁলোকক পুৰস্কাৰ লগতে মাজতে নিদিয়াকৈ থকা কৃষ্টি কেইটা চৰকাৰে দিব।

তৃতীয়তে যিসকলে প্ৰথমৰে পৰা দিব পাৰে নাই আৰু যদি ঋণৰ পৰা ৰেহাই বিচাৰে তেনে মহিলাসকলক ৰেহাই দিয়া হ'ব, কিন্তু তেওঁলোকে আৰু পাছত কোনোধৰণৰ ঋণ নাপাব।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয়- ৫০ হাজাৰ টকা দিব লগা থাকিলে আমি ২৫ হাজাৰ টকা দিম। যাক সম্পূৰ্ণ ঋণ ৰেহাই দিব লাগে সেইসকলৰ ক্ষেত্ৰত চৰকাৰে চৰ্ত বান্ধি দিয়া হ’ব। চৰকাৰী কৰ্মচাৰীৰ পত্নীক ঋণ মাফ কৰা নহ’ব। বিলাসী গাড়ী থাকিলে ৰেহাই দিয়া নহয় লোণ।"

আগন্তুক কেবিনেটত আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। যিসকলে আৰু ঋণ লোৱাৰ ইচ্ছা নাই বা ধাৰ মাৰিব নোৱাৰে তেওঁলোকক ৰেহাই দিয়া হ’ব বুলি জনায় ।


Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post