কৰোনা দ্বিতীয় লহৰত কিয় ইমান লোকৰ মৃত্যু হ'ল ? আপুনিও জানিলে আচৰিত হ'ব প্ৰকৃত কাৰণ

Photo source: Google 

কৰোনা সংক্ৰমনৰ দ্বিতীয় লহৰত দেশত মৃত্যু হাৰ সৰ্বাধিক। দ্বিতীয় লহৰে দেশৰ স্বাস্থ্য ব্যৱস্থা বহুত বেয়াকৈ প্ৰভাৱ পেলাইছে। দেশৰ স্বাস্থ্য ব্যৱস্থাত অক্সিজেন কম হোৱা, কম চিকিৎসকৰ, পৰ্যাপ্ত বিছনা অভাৱৰ কাৰণে সময় মতে উপযুক্ত চিকিৎসা অভাৱ দেখিবলৈ পোৱা গৈছে।

কৰোনা এই সংক্ৰমনত সবাতোকৈ বেছি ভাৰতত মৃত্যুৰ হাৰ অধিক। কৰোনা দ্বিতীয় লহৰত কিয় ইমান মৃত্যু হৈছে এই প্ৰশ্নৰ উত্তৰ সন্ধান এ বি পি নিউজ এটা দলে তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল।

ইয়াৰ কাৰণে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা ১০০ জনৰ তথ্য সংগ্ৰহ কৰা হৈছিল। চিকিৎসকৰ দল এটাও এই কামত সহায় কৰিছিল। চিকিৎসক সকলে জানিব দিছিল যে হস্পিতেলত অহা সময়ত তেওঁলোকৰ স্বাস্থ্য অৱস্থা কেনে আছিল, তেওঁলোকল ৰক্তচাপ কিমান আছিল আৰু অক্সিজেন পৰিমাণ কিমান আছিল, শৰীৰৰ তাপমাত্ৰা আৰু স্পন্দন কিমান আছিল, আগতে কিবা গম্ভীৰ বেমাৰত ভূগি আছিল নেকি, ভেকচিন লৈছিল নেকি আক্ৰান্ত হোৱাৰ আগতে ইত্যাদি।

চিকিৎসক সকলে দিয়া তথ্য মতে জানিব পৰা গৈছে যে কৰোনাত মৃত্যু হোৱা ৭২ শতাংশ লোক ডায়াবেটিছ ৰোগত আক্ৰান্ত আছিল। এনেকুৱা নহয় যে যিমান কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে সকলো অকল কৰোনা কাৰণে মৃত্যু হৈছে। বাকী ২৮ শতাংশ ডায়াবেটিছ নথকা মৃত্যু হৈছে যদিও ৩২ শতাংশ লোকৰ উচ্চৰক্তচা বেমাৰত আক্ৰান্ত আছিল।

ইয়াৰে ৬০ শতাংশ লোক মধ্যবয়সৰ আছিল। চিকিৎসকৰ সকলে জনাইছে যে যদি কাৰোবাৰ আগৰ পৰা গম্ভীৰ বেমাৰ আছে তেওঁলোকৰ কাৰণে বিপদ বেছি। সেইকাৰণে চৰকাৰৰ তথা চিকিৎসক সকলে বাৰে বাৰে অনুৰোধ কৰিছিল যে যিসকল কিবা বেমাৰত ভূগি আছে তেওঁলোক বেছি সাৱধান হোৱা দৰকাৰ।
কৰোনা প্ৰথম লহৰত মৃত্যু তুলনাত দ্বিতীয় লহৰ মৃত্যু সংখ্যা যঠেষ্ট বেছি, যদিহে প্ৰথমৰ পৰাই অন্য ৰোগত ভূগি থকা লোক সকল সাৱধান হোৱা হ'লে ভাৰতত কৰোনাত মৃত্যুৰ ইমান এটা ডাঙৰ সংখ্যা নাহিলে হয়।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post