![]() |
Photo source: Google |
জনস্বাস্থ্য বিভাগৰ বিশেষজ্ঞ এটা দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আবেদন কৰি এক ৰিপোৰ্টত কয় যে " যিসকল লোক কৰোনাত সংক্ৰমিত হৈছে আৰু কৰোনাত আক্ৰান্ত হৈ ভাল হৈছে, তেওঁলোকক ভেকচিন দিয়াৰ প্ৰয়োজন নাই। লগত বিশেষজ্ঞ দলটোৱে চৰকাৰক পৰামৰ্শ দি কয় যে বহু মাত্রাত ভেকচিন দিবলৈ চেষ্টা কৰিলে কৰোনা ভাইৰাচ সংক্ৰমন আকৌ সক্ৰিয় হ'ব পাৰে।" সেই কাৰণে তেওঁ লোকে চৰকাৰক পৰামৰ্শ দিয়ে যে যিসকল কৰোনাত আক্ৰান্ত হৈ ভাল হৈছে তেওঁলোকক ভেকচিন কোনো প্ৰয়োজন নাই।
স্বাস্থ্য সংস্থা দ্বাৰা প্ৰকাশ পোৱা ৰিপোৰ্টত কোৱা হৈছে বহুত বেছি সংখ্যাত টিকাকৰণৰ সলনি, এইসকলক টিকা দিব লাগে যিসকল দুৰ্বল আৰু আগৰে পৰা কোনো গম্ভীৰ বেমাৰত আক্ৰান্ত। এই পৰামৰ্শ লগত ভাৰতীয় আয়োবিজ্ঞান সংস্থা (AIIMS) ৰ চিকিৎসক তথা কভিড-১৯ৰ লগত জড়িত ৰাষ্ট্ৰীয় সংস্থাৰ সদস্য সকলো আছে।
Indian Public Health Association, Indian Association of Epidemiologists and Indian Association of Preventive and Social Medicine ৰ বিশেষজ্ঞ সকলে নিজৰ ৰিপোৰ্টত কয় যে " বৰ্তমান দেশৰ কৰোনা পৰিস্থিতি উপৰত লক্ষ্য ৰাখি এতিয়া সকলো বয়সৰ ব্যক্তিক ভেকচিন দিয়া কথা চিন্তা কৰাতকৈ মহামাৰী সংক্ৰমন গতি ৰুদ্ধ কৰাৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন।
Post a Comment
Please do not enter any spam link in the comment box.