![]() |
Photo source: Google |
এলোপেথি চিকিৎসা আৰু এলোপেথিক চিকিৎসক সন্দৰ্ভত বাবা ৰামদেৱে কৰা এটা মন্তব্য বহুত দিনৰ পৰাই চৰ্চা মাজত আছে। দিনক দিনে দেশৰ চিকিৎসক সমাজ আৰু যোগগুৰু ৰামদেৱৰ মাজৰ সংঘাতে বৃদ্ধি পাব ধৰিছে।
এলোপেথি চিকিৎসা আৰু এলোপেথিক চিকিৎসক সন্দৰ্ভত অশোভনীয় মন্তব্য কৰাৰ অভিযোগত ৰামদেৱৰ বিৰুদ্ধে দেশৰ চিকিৎসক সমাজ ক্ষুব্ধ হৈ পৰিছে।ৰামদেৱৰ বিৰুদ্ধে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে দেশৰ বিভিন্ন ঠাইত গোচৰ ৰুজু কৰিছে। এইবাৰ এই গোচৰসমূহক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে বাবা ৰামদেৱ। ৰামদেৱে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহ স্থগিত কৰা তথা দেশৰ বিভিন্ন প্ৰান্তত ৰুজু হোৱা গোচৰবোৰ একত্ৰিত কৰি দিল্লীলৈ প্ৰেৰণ কৰাৰ বাবে আবেদন দাখিল কৰিছে উচ্চ ন্যায়ালয়ত।
ৰামদেৱে এলোপেথিক চিকিৎসা সন্দৰ্ভত মন্তব্য কৰি কৈছিল যে, ‘দেশত লক্ষ লক্ষ লোকৰ মৃত্যু হৈছে এলোপেথি চিকিৎসাৰ বাবে। চিকিৎসা নোপোৱা তথা অক্সিজেন নোপোৱা বাবে মৃত্যু হোৱা লোকৰ সংখ্যাতকৈ এই সংখ্যা বহু বেছি।’ এলোপেথি চিকিৎসাক তেওঁ অৰ্থহীন আখ্যাও দিয়া বুলি পাছতে তেওঁৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন আৰু চিকিৎসাক সকল।
উল্লেখ য়ে পাছত ৰামদেৱে এই বিষয়ত স্পষ্টিকৰণ দি কৈছিল, ' দেশৰ চিকিৎসক বি চিকিৎসা ব্যৱস্থা লৈ কোনো বেয়া মনোভাৱ নাই, মই মাত্র কিছুমান ড্রাগ মাফিয়া বিৰোধিতা কৰো। এজন ভাল ডাক্তৰ পৃথিবীত দেৱদূতৰ নিচিনা।' তেওঁ লগত কয় সাধাৰণ নাগৰিক সকলৰ প্ৰয়োজনীয় দৰব আৰু চিকিৎসকৰ নামত কাৰো শোষণৰ হব নালাগে সেই কথাটো কব বিছাৰো। লগতে তেওঁ দেশবাসীক কৰোনা ভেকচিন লবলৈ অনুৰোধ কৰিছিল আৰু নিজেও ভেকচিন ল'ব বুলি জানিব দিছিল।
Post a Comment
Please do not enter any spam link in the comment box.