![]() |
Photo source: Google |
কৰোনাত আক্রান্ত সাহিত্যিক তচলিমা নাছৰিন।কৰোনাই কাক কেতিয়া কেনেকৈ সংক্ৰমন কৰে কোনেও বুজিব নোৱাৰে। এইগৰাকী সাহিত্যিক কৰোনাত আক্ৰান্ত হৈ আক্ষেপ কৰিছে ছ'চিয়েল মিডিয়াত। দেওবাৰে ছ’চিয়েল মিডিয়াযোগে তেওঁ নিজেই এই কথা প্ৰকাশ কৰিছে। তেওঁ আক্ষেপ কৰি লিখিছে , ‘ইমান দিন অকলে থকাৰ পাছতো কৰোনা পৰা ৰক্ষা নাপালোঁ, মই চিৰকাল বৰ দুর্ভগীয়া।'
যোৱা বছৰৰ মার্চ মাহৰ পৰা ঘৰত অকলে আছোঁ, ঘৰটোৱে মোৰ সংগী, ক'লৈকো এখোজ ওলাই যোৱা নাছিলোঁ, কাকো ঘৰৰ ভিতৰত সোমাবও দিয়া নাছিলোঁ, ৰন্ধা বাচন-বৰ্তন ধোৱা, কাপোৰ ধোৱা, ঘৰ সৰা-মচা কৰা সকলো কাম মই অকলেই কৰিছিলোঁ। কি লাভ হ’ল? ক’ভিডত আক্ৰান্ত হ’লোঁ।'
অৱশ্যে, এতিয়া তেওঁ ক্ৰমাত সুস্থ হৈ উঠিছে। তেওঁ লিখিছে, ‘লাহে লাহে মই সুস্থ হৈ উঠিছোঁ। কিন্তু হাজাৰ হাজাৰ মানুহ যিসকল সুস্থ হোৱা নাই! যিয়ে স্বাভাৱিক শ্বাস-প্ৰশ্বাসৰ বাবে আপ্রাণ চেষ্টা কৰিছে কিন্তু পৰা নাই, তেওঁলোকৰ বাবে মই দুঃখিত।’ তেওঁ লগতে কয়, কৰ’নাক লৈ মানুহৰ ভুল ধাৰণা পূৰ্বতকৈ কমিছে। এবছৰত অসংখ্য মানুহৰ কৰ’না হৈছে কিন্তু ভাল লগা কথাতো হৈছে এয়ে যে, কোনেও ক’বলৈ সংকোচ নকৰে যে তেওঁ ক’ভিডত আক্ৰান্ত হৈছে।
Post a Comment
Please do not enter any spam link in the comment box.