কৰোনা সংক্ৰমনৰ আকৌ বাঢ়িব ধৰিছে, মৃত্যু সংখ্যাও বৃদ্ধি পাইছে, আৰম্ভ হ'ল নেকি কৰোনাৰ তৃতীয় লহৰ

Photo source: Google 

ভাৰতত কৰোনাৰ দ্বিতীয় লহৰে বহুত বেয়াকৈ প্ৰভাৱ পেলালে। কিন্তু এতিয়া ভাৰতত কৰোনা সংক্ৰমন কমিব ধৰিছে। প্ৰতি দিনে ১.৫ লাখতকৈ কম নতুন আক্ৰান্ত সংখ্যা আহিছে। বৰ্তমান সক্ৰিয় কৰোনা সংখ্যা ১৮ লাখতকৈ কম। কিন্ত সংক্ৰমন সংখ্যা কম যদিও মৃত্যু সংখ্যা ৩ হাজাৰৰ উপৰতে আছে। মৃত্যু সংখ্যা বাঢ়ি যোৱা কাৰণে কৰোনা তৃতীয় লহৰ সন্দেহ কৰা হৈছে। এই মহামাৰী কাৰণে দেশৰ ৰাজ্য সমূহৰ সকলো ধৰণৰ পৰীক্ষা বাতিল কৰিছে। চৰকাৰে কয় যে ছাত্ৰ ছাত্ৰীৰ আৰু শিক্ষক সকলৰ সুৰক্ষা কাৰণে এনে ব্যৱস্থা গ্ৰহণ কৰিছে।

ভাৰতত কৰোনা সবমুঠ ২.৮৩ কোটি সংখ্যা পাৰ কৰিলে

ভাৰতত বৰ্তমানলৈকে ২,৪৩,০৭,৮৩২ জন আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ২,৬১,৭৯,০৮৫ জন সুস্থ হৈ উঠিছে আৰু ১৭,৯৩,৬৪৫ জন কৰোনা লগত হস্পিতালত যুঁজ দি আছে। ভাৰতত কৰোনাত আক্ৰান্ত হৈ ৩,৩৫,১০২ জনৰ মৃত্যু হৈছে। আকৌ এবাৰ সংক্ৰমন সংখ্যা বাঢ়িব ধৰিছে দেশত। যোৱা ২৪ ঘন্টাত ১,৩২,৭৮৮ জন নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ২,৩১,৪৫৬ জন সম্পূৰ্ণ সুস্থ হৈ উঠিছে আৰু ২৪ ঘন্টাৰ ভিতৰত ৩২০৭ জনৰ মৃত্যু হৈছে।

জুলাই মাহৰ পৰা প্ৰতিদিনে এক কোটি মানুহক কৰোনা ভেকচিন প্ৰদান কৰিব

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে যে জুলাই আৰু আগষ্ট মাহৰ আৰম্ভণি পৰা পৰ্যাপ্ত পৰিমাণে ভেকচিন উপলব্ধ হব। ইয়াৰ পাছতে দিনে এক কোটি মানুহক ভেকচিন দিয়া হ'ব। চৰকাৰে কয় যে ভেকচিন অভাৱ এতিয়াও হোৱা নাই, কিন্তু বহুত বেছি জনসংখ্যা থকা এখন দেশত অলপ সাৱধান হ'বই লাগিব। কেন্দ্ৰীয় চৰকাৰে আৰু কয় কৰোনা দ্বিতীয় ঢৌ ক্ৰমাৎ কম হৈছে। জিলা আৰু গাওঁ এলেকা সময়ত কৰোনা টেষ্ট সংখ্যা বৃদ্ধি কৰি আৰু কম কৰিব পৰা যাব।


Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post