![]() |
Photo source: Google |
সুন্দৰ মুখমণ্ডলত সুন্দৰ বগা দাঁতে সৌন্দৰ্য আৰু দুগুণে বৃদ্ধি কৰে। বগা ধুনীয়া দাঁতে আপোনাৰ মুখৰ হাঁহিটো উজ্জ্বল কৰি তোলে। যদি দাঁত দুৰ্বল হয় বা বেলেগ কিবা সমস্যাৰ দেখা দিয়ে তেতিয়া খুৱা বোৱা লগতে কথা কোৱাটো সমস্যাৰ হয়। সেইকাৰণে দাঁত মজবুত আৰু দেখিবলৈ ধুনীয়া হোৱাতো প্ৰয়োজন। কিছুমানৰ দাঁত হালধীয়া হোৱাৰ কাৰণে কেতিয়াবা লাজত পৰিব লগীয়া হয়। এই ধৰণৰ দাঁত কেতিয়াবা পৰিস্কাৰ কৰিলেও হালধীয়া ৰং থাকি যায়। যদি আপোনাৰ এনেধৰণৰ দাঁতৰ সমস্যা আছে সৰিয়হৰ তেলৰ লগত ঘৰতে পোৱা কিছুমান বস্তু সৈতে লগাব পাৰে আৰু দাঁত মজবুত, বগা কৰাত সহায় কৰে।
সৰিয়হৰ তেলৰ লগত নিমখ-
যদি আপুনি সৰিয়হৰ তেলৰ লগত নিমখ মিলাই দাঁত পৰিস্কাৰ কৰে তেতিয়া দাঁতৰ হালধীয়া ৰং নাইকীয়া হয় আৰু লগতে দাঁতৰ পৰা তেজ ওলোৱা বন্ধ হয়। নিমখতAntubacterial, iron, iodine, phosphorus, potassium, chromium, lithium, sodium, chloride আদি পোৱা যায়, এইবিলাক আমাৰ দাঁতৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ।
Post a Comment
Please do not enter any spam link in the comment box.