![]() |
Photo source: Google |
বিশ্বৰ তাৰকা বক্সাৰ মেৰী কমক আপোনালোকে সকলোৱে জানে। তেওঁ ২০২১ৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত এইবাৰ ৰূপৰ পদকতে ক্ষান্ত থাকিব লগীয়া হ'ল। নিজ বক্সিং কেৰিয়াৰত ৬ টাকৈ সোণৰ পদকৰ গৰাকী হোৱা মেৰী কম এইবাৰ সোণৰ পদকৰ পৰা বঞ্চিত হব লগা হ'ল। ৩০মে’ দেওবাৰে হৈ যোৱা ৫১ কেজি শাখাৰ ফাইনেলত মেৰী কমে ৰূপৰ পদকতে সন্তুষ্ট থাকিব লগীয়া হয়। মেৰী কমে কাজাখাস্তানৰ নাজিম কাইজাইবাই(Nazym Kyzaibay)ৰ হাতত ৩-২ ব্যৱধানত পৰাস্ত হব লগিয়া হ'ল।
ডুবাইৰ এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বীপৰ ৫১ কেজি শাখাত মেৰী কমে দ্বিতীয় স্থানত ৰূপৰ পদক লাভ কৰি পুনৰবাৰ উজলালে দেশ তথা উত্তৰপূৱৰ নাম। ২০০৩ চনতে প্ৰথমবাৰৰ বাবে এছিয়ান বক্সিঙত পদক লাভ কৰি উজলি উঠিছিল মেৰী কম লগতে উত্তৰপূৱৰ নাম। ৩৮ বছৰীয়া মেৰী কমে এতিয়ালৈকে এছিয়ান বক্সিঙত সপ্তমটো পদক লাভ কৰিবলৈ সক্ষম হ’ল।উল্লেখ্য যে অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই আজি ৩১ মে’ সোমবাৰে সোণৰ পদকৰ বাবে ৬৪ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব।
Post a Comment
Please do not enter any spam link in the comment box.