COVID-19 শেষ নহ'ব, থাকিব প্ৰজন্মৰ পাছত প্ৰজন্মলৈ, এই কথা ব্যক্ত কৰিছে এগৰাকী চিকিৎসা বিশেষজ্ঞই

Photo source: Google 

সাধাৰণ জ্বৰৰ দৰেই আমাৰ মাজত থাকিব প্ৰজন্মৰ পাছত প্ৰজন্মলৈ কৰোনা। এইকথা ব্যক্ত কৰিছে এগৰাকী চিকিৎসা বিশেষজ্ঞই। হায়দৰাবাদৰ ইণ্ডিয়ান ইনষ্টিটিউট অব পাব্লিক হেল্থৰ সঞ্চালক অধ্যাপক জিভিএছ মূৰ্তিয়ে এই তথ্য প্ৰকাশ কৰাৰ লগতে কয় যে- "বিভিন্ন ৰাজ্যৰ পৰা যিবিলাক তথ্যৰ আমাৰ মাজলৈ আহিছে তাৰ আধাৰত এইকথা ক’ব পাৰি যে জুনৰ শেষলৈ দেশৰ দক্ষিণ আৰু পশ্চিম অংশত কোভিড পৰিস্থিতিৰ যথেষ্ট উন্নতি হ’ব।"

লগতে তেওঁ কয় "উত্তৰ আৰু পূব অংশ কোভিড নিয়ন্ত্ৰণলৈ আহিবলৈ জুলাইৰ মাজভাগলৈ অপেক্ষা কৰিব লাগিব পাৰে বুলি তেওঁ প্ৰকাশ কৰে।" আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ মাজতে তেওঁ কয় "ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় সমাৱেশ অনুষ্ঠিত সমূহ কৰিবলৈ অনুমতি দিয়াটো দেশৰ কৰোনা পৰিস্থিতিৰ আকস্মিক আৰু দ্ৰুত অৱনতিৰ অন্যতম কাৰণ।"

তেওঁ আৰু কয় "বিশ্বৰ বাকি দেশ সমূহত যিমান সাবধান হৈছিল কৰোনা সংক্ৰমন ৰোধ কৰিবলৈ কিন্তু কিন্তু ভাৰতত সেয়া দেখিবলৈ পোৱা নগ’ল। ভাৰতত এই সঁহাৰি জনস্বাস্থ্যৰে সম্পৰ্ক নথকা বা ৰাজনৈতিকহে আছিল। "কোভিড-১৯ আমাৰ মাজত সাধাৰণ জ্বৰৰ দৰে দীৰ্ঘকাললৈ থাকি যাব। যেনেদৰে জ্বৰ আমাৰ মাজত বহুত প্ৰকাৰৰ প্ৰজন্মৰ পাছত প্ৰজন্ম হৈ আহিছে থিক তেনেদৰে কৰোনা জ্বৰৰো এতিয়া থাকি যাব।"

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post