সমাজৰ উত্তৰণত নাৰী শিক্ষাৰ প্ৰয়ােজনীয়তা

Photo source: Google 

এখন দেশৰ উন্নয়ন প্রথম চৰ্তই হৈছে শিক্ষা। শিক্ষাই সমাজ এখনৰ মূল চালিকা শক্তিৰূপে কাম কৰি মানুহক জ্ঞানৰ পথ দেখুৱাই , পৰিচালনা কৰে আৰু ভবিষ্যত নিয়ন্ত্রণ কৰে । সমাজ এখনৰ উত্তৰণৰ কথা চিন্তা কৰােতে সেয়েহে পুৰুষৰ শিক্ষাৰ লগতে আর্থ সামাজিক বা ৰাজনৈতিক ক্ষেত্ৰখনত এক সূচকৰ ভূমিকা পালন কৰি থকা নাৰীসকলৰ শিক্ষাৰ কথা পাহৰিলে নহ'ব । 

প্ৰতিগৰাকী নাৰীয়েই যিহেতুকে ভবিষ্যত সন্তানৰ জনী গতিকে যেতিয়ালৈকে তেওঁলােক শিক্ষিত হৈ উপযুক্ত মাতৃ হ’ব নােৱাৰে তেতিয়ালৈকে শিক্ষা ফলপ্রসূ নােহােৱাৰ লগতে সমাজ এখনো উত্তৰণৰ দিশত আগবাঢ়িব নােৱাৰে।

এনে প্রসঙ্গতে বােধকৰাে পণ্ডিত জৱাহৰলাল নেহৰুৱে নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দি কৈছিল “ এজন ল'ৰাক শিক্ষা দিয়া মানে এজন পুৰুষক শিক্ষিত কৰা কিন্তু এজনী ছােৱালীক শিক্ষা দিয়া মানে এটা পৰিয়ালক শিক্ষিত কৰি তােলা । ” এটা শিক্ষিত পৰিয়ালৰ সুদূৰ প্ৰসাৰী প্রভাৱ সমগ্র সমাজখনৰ ওপৰতে পৰে । এগৰাকী শিক্ষিতা মহিলাৰ চিন্তাধাৰা , আচৰণ অশিক্ষিত মহিলাতকৈ পৃথক । প্রবল আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতাৰে যিকোনাে এটা বিষয় ভালদৰে বিশ্লেষণ কৰি সিদ্ধান্ত গ্রহণ কৰিব পাৰে একমাত্র শিক্ষিত নাৰীয়েহে ।

ইউৰােপ , আমেৰিকা আদি উন্নত দেশসমূহৰ নাৰীসকল বহুতেই আগতেই পুৰুষৰ সমানে আগবাঢ়ি গৈ সমাজৰ উন্নতিৰ অৰিহণা যােগাইছে। আমাৰ ভাৰতীয় সংবিধানে নাৰীক সামাজিক , ৰাজনৈতিক শিক্ষা - দীক্ষা সকলো দিশতে পুৰুষৰ সমান অধিকাৰ প্ৰদান কৰিছে যদিও সামগ্রিকভারে ভাৰতবর্ষ তথা অসমৰ গাঁও সমূহৰ একাংশে নাৰীৰ অৱস্থা বর্তমানেও অতিশয় পুতৌ লগা ।
Photo source: Google 

ভাৰতবৰ্ষত প্রথম পঞ্চবার্ষিক পৰিকল্পনাতেই নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল যদিও ২০১৮ চন পর্যন্ত নাৰী শিক্ষাৰ হাৰ মাত্র ৭৯.৭ % হােৱাটো লক্ষণীয় । সমাজৰ বদ্ধমূল ধাৰণাৰ বশৱৰ্তী হৈয়েই সমাজৰ এচাম মানুহে পুত্র সন্তান কামনা কৰে।

পুৰুষপ্রধান সমাম্তযুগীয় দৃষ্টিভঙ্গী, ৰক্ষণশীল মনােভাৱ আদিৰ প্ৰভাৱত এনে পিতৃ - মাতৃয়ে ল'ৰাৰ শিক্ষাৰ ক্ষেত্ৰত যিমান গুৰুত্ব প্রদান কৰে ছােৱালীৰ ক্ষেত্ৰত সিমান নকৰে । বহু কন্যা শিশুৱে এতিয়াও দুটামান শ্রেণী পঢ়িয়েই অভিভাবক হেঁচাত শিক্ষা জীৱনৰ পৰিসমাপ্তি ঘটাই ঘৰুৱা কাম বনত নিয়ােজিত হ'ব লগাত পৰে, নতুবা কম বয়সতে বিয়া হৈ পিতৃ - মাতৃৰ বােজা পাতলায়। এইসকল অল্পশিক্ষিত নাৰীয়ে ভৱিষ্যত প্রজন্মক পুনৰ উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিবগৈ নােৱাৰে, অশিক্ষিত লােকক আবেগৰ দ্বাৰা পৰিচালিত কৰিবলৈ অতি সহজ । এচাম সুবিধাবাদী লােকে নিজ স্বার্থ পূৰণ কৰিবলৈ গ্ৰহণ কৰা এনে এক সুবিধাবাদ ফলশ্রুতিতেই আজিৰ এই একবিংশ শতিকাতাে আমাৰ চকুৰ আগত ঘটি আছে ডাইনী হত্যা , সোপাধৰাৰ আতংক , ভূত প্রেত , বেজালী আদি নানা পশ্চাৎঘাতী ঘটনাবােৰ।

শিশুক স্বাস্থ্যসন্মত শিক্ষা দিয় ' , পৰিষ্কাৰ - পৰিচ্ছন্নতা সম্পর্কে সজাগ কৰি তােলা , আওপুৰণি চিন্তাধাৰা নাইবা কু - সংস্কাৰৰ পৰা মুক্ত কৰি বিজ্ঞান মনষ্কতা গঢ়ি তােলা। আদি সজ কামবােৰ সম্ভব হয় একমাত্ৰ এগৰাকী শিক্ষিত মাতৃৰ পৰিচালনাতহে ।

বর্তমান সমাজৰ সর্বত্রে উচ্চাৰিত হােৱা এটা শব্দ হ’ল যুৱ উশৃঙ্খলতা । এটা শিশু জন্ম মুহূৰ্ততে কেতিয়াও বেয়া গুণৰ অধিকাৰী হৈ নাহে । সমাজ নাইবা পৰিবেশৰ পৰা আয়ত্ব কৰা আচৰণ সমূহৰ দ্বাৰা প্ৰভাৱিত হৈহে শিশুটো যুৱ কালত উশৃঙ্খল হৈ উঠে । সবল ব্যক্তিত্ব সম্পন্ন মাতৃৰ দ্বাৰা পালিত এটা শিশুৰ কেতিয়াও তনৈতিক আচৰণ কৰিব নােৱাৰে । এগৰাকী নাৰীৰ ব্যক্তিত্ব সুস্থ সবল হােৱাৰ মূল কাৰণটোও আকৌ সুস্থ পৰিবেশত গ্রহণ কৰা উপযুক্ত শিক্ষাই।

ঘৰ এখলেই হ’ল ল'ৰা - ছােৱালীৰ প্রথম পঢ়াশালি আৰু মাতৃগৰাকীয়েই হ’ল সন্তানৰ শ্রেষ্ঠ শিক্ষয়িত্রী। গতিকে প্রথমতে নাৰীসকলক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিলেহে সন্তানক নৈতিক শিক্ষা মানবীয় মূল্যবােধ , শ্ৰমৰ মৰ্য্যদা , সময়নিষ্ঠা , কর্তব্যনিষ্ঠা , আদি গুণবােৰ আয়ত্ব কৰিবলৈ সক্ষম হ’ব।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post