সাধাৰণতে এদিনত কিমান পানী খোৱাৰ প্রয়োজ? শৰীৰত পানী অভাৱ কেনেকৈ চিনাক্ত কৰিব পাৰি? পানী কেতিয়া খাব লাগে আৰু কেতিয়া নালাগে? পানী আমাৰ শৰীৰ কাৰণে কিয় ইমান গুৰুত্বপূৰ্ণ...? Asomiya Khabar

Water glass
Photo  source: Google 

অধিকাংশ মানুহে পানীক সহজ হিচাপে বিবেচনা কৰে, সেই কাৰণে যেতিয়া তেতিয়া, যিকোনো ধৰণে পানী খাব বিছাৰে। কিন্তু পানীক সাধাৰণ আৰু সহজ ভাবাটো একেবাৰেই ভুল ধাৰণা। পানী দেখাত যিমান সাধাৰণ ইমান সাধাৰণ নহয়।
আমাৰ দেহৰ সকলো অংগ আৰু কৌশিকাৰ জীয়াই ৰখাত পানীয়ে সহায় কৰে আৰু দেহত উৎপন্ন হোৱা বিষাক্ত পদাৰ্থ সমূহ বাহিৰ কৰাত পানীয়ে সহায় কৰে।

পানীয়ে আমাৰ চুলি পৰা ভৰি আঙুলি লৈকে, পেটৰ পৰা দেহৰ চালৰ লৈকে আৰু ওজন বৃদ্ধি কৰাৰ পৰা ওজন কমোৱা লৈকে ডাঙৰ ভূমিকা পালন কৰে। পানী খোৱাৰ সঠিক পৰিমান, সঠিক সময় আৰু পানী কেনেকুৱা হ'ব লাগে, ঠাণ্ডা নে গৰম, সেই বিষয়ে যদি সঠিক জ্ঞান নাথাকে, তেতিয়া আমি খুৱা পানী লগতে আমি খুৱা আহাৰৰ সঠিক পুষ্টি আমাৰ শৰীৰে নাপাব।

যেতিয়া তেতিয়া পানী খালে, আৰু শৰীৰত পানী কম বা বেছি হলে, আমাৰ দেহত বহুতো ক্ষতি হ'ব পাৰে, বহুতো স্বাস্থ্য জনিত সমস্যাৰ দেখা দিব পাৰে, ব্যথা, কোষ্ঠকাঠিন্য, শিথিলতা, কিডনী পাথৰ, ৰোগ প্ৰতিৰোধ ক্ষমতা কমা, বাৰে-বাৰে বেমাৰ হোৱা, স্কিণ এলার্জি, যকৃৎৰ দুৰ্বলতা, গাঁথি বিষ ইত্যাদি সমস্যাৰ পানী ভুল ব্যৱহাৰ পৰাই হয়।

সাধাৰণতে এদিনত কিমান পানী খোৱাৰ প্রয়োজ? শৰীৰত পানী অভাৱ কেনেকৈ চিনাক্ত কৰিব পাৰি? পানী কেতিয়া খাব লাগে আৰু কেতিয়া নালাগে? পানী আমাৰ শৰীৰ কাৰণে কিয় ইমান গুৰুত্বপূৰ্ণ...?

[ ] আমাৰ দেহত 60 পৰা 70 শতাংশই পানী থাকে। গতিকে অভ্যন্তৰীণ অংগ প্রতংগ বোৰ আৰু দেহৰ প্রতিটো কোষ জীয়াই থকাত পানীয়ে সহায় কৰে।
[ ] শৰীৰত পানী কম হ'লে সাধাৰণতে প্রস্রাবৰ ৰং হালধীয়া হয়, বেছি কমি গ'লে ৰঙা হোৱাৰ লগতে শৰীৰৰ দুৰ্বলতা অনুভৱ হয়।
[ ] এজন মানুহে এদিনত কিমান পানী খোৱাৰ প্রয়োজনিয় সেইটো নির্ভৰ কৰে ব্যক্তি জনৰ স্বাস্থ্য উপৰত, ব্যক্তি জনৰ ওজন আৰু বতৰৰ উষ্ণতা উপৰত, কাৰণ গৰম দিনত পানী শৰীৰক বেছি পৰিমাণে দৰকাৰ হয়। সাধাৰণতে এজন ব্যক্তিক 2.5 পৰা 3 লিটাৰ পানী খোৱাটো প্রয়োজন।

পানী পৰিমান সৰ্বাধিক দিনৰ ভাগতে পূৰণ কৰিব লাগে। এবাৰত 1 গিলাচ বা 1.5 গিলাচ পানীহে খুৱা উচিত। এবাৰ পানী খোৱাৰ পাছত 45 মিনিত মান পাছতহে দ্বিতীয়বাৰ পানী খাব লাগে, যাতে প্রথমে খুৱা পানী খিনি শৰীৰৰে ভালদৰে ব্যৱহাৰ কৰিব পাৰে। ঘনে ঘনে পানী খালে আমাৰ দেহত ব্যৱহাৰ নোহোৱাকৈ বাহিৰ হৈ যায়, সেই কাৰণে সঠিক সময়ত সঠিক মাত্ৰাহে খাব লাগে।

পুৱা খালী পেটত আহাৰ গ্ৰহণ কৰাৰ আগতে পানী খোৱাতো প্রয়োজনিয়, আহাৰ খোৱাৰ আগত বা পাছত 45 মিনিত ব্যৱধান ৰাখিহে পানী খাব লাগে।

বেছি ঠাণ্ডা পানী খাব নালাগে। ঠাণ্ডা পানী আমাৰ শৰীৰৰ বাবে উপযোগী নহয়। সদায় অলপ গৰম বা সাধাৰণ ঠাণ্ডা পানীহে খাব লাগে। ৰাতি পানী পৰিমাণ কম কৰিব লাগে। টোপনি পৰা উঠি পানী খুৱাটো অলপো ভাল অভ্যাস নহয়। ৰাতি বিছনাত আমাৰ শৰীৰৰে জিৰনী লয় আৰু শৰীৰক পানী প্রয়োজন নাথাকে, গতিকে ৰাতি বেছি পানী খালে বাৰে-বাৰে প্রস্রাব লগা, টোপনি নধৰা সমস্যাৰ হব পাৰে।

আমি যদি দৈনিক এই সৰু সৰু নিয়ম বোৰৰ মানি পানী খাওঁ, দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়িব, আৰু বহুত বেমাৰৰ পৰা আমাৰ শৰীৰক বচাই ৰাখিব পাৰিম ।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post