![]() |
Photo source: Google |
দেশত কৰোনা ভাইৰাচৰ দ্বিতীয় লহৰ এতিয়াও শেষ হোৱা নাই। যোৱা সময়ছোৱাত কৰোনা প্ৰথম বা দ্বিতীয় সংক্ৰমনে মহাৰাষ্ট্ৰত বহুতেই ভয়ংকৰ পৰিস্থিতি হৈছিল। লগতে এই মহামাৰী কাৰণে মৃত্যু সংখ্যাও সবাতোকৈ বেছি আছিল মহাৰাষ্ট্ৰত।
এতিয়া চিন্তা বিষয়টো হৈছে দেশত কৰোনা ভাইৰাচৰ তৃতীয় লহৰ যিকোনো মূহুৰ্ততে আহিব পাৰে। বিশেষজ্ঞ সকলৰ মতে প্ৰথম আৰু দ্বিতীয় লহৰতকৈ বেছি ভয়ানক হব পাৰে আৰু বেছিকৈ সৰু সৰু ল'ৰা ছোৱালী সংক্ৰমন হ'ব পাৰে। কিন্তু এই তৃতীয় লহৰ কেতিয়ালৈ আহিব সঠিক ভাৱে প্ৰকাশ কৰা নাই।ইয়াৰ মাজতে মহাৰাষ্ট্ৰ আহমদনগৰ জিলাত মে মাহতে সৰু সৰু লৰা ছোৱালীক সংক্ৰমন সংখ্যাই সকলোকে চিন্তিত কৰি তুলিছে। মহাৰাষ্ট্ৰ চৰকাৰে জাৰি কৰা সংখ্যা মতে মে মাহত ৮ হাজাৰ লৰা ছোৱালী আক্ৰান্ত হৈছে।
এতিয়া মহাৰাষ্ট্ৰ চৰকাৰে তৃতীয় লহৰ সম্ভাৱনা দেখি বিশেষ কৰোনা ৱাড নিৰ্মাণ আৰম্ভ কৰিছে। মহাৰাষ্ট্ৰ চৰকাৰে কয় যে তৃতীয় লহৰ কিমান ভয়ানক আমি নাজানো। কিন্তু আমি এতিয়া পৰাই তৈয়াৰ আৰম্ভ কৰিছো। আমি এনেকুৱা ৱাড বনাইছো তেওঁ লোক ইয়াত থাকিলে বেমাৰি যেন অনুভৱ নহ'ব।
Post a Comment
Please do not enter any spam link in the comment box.