![]() |
Photo source: Google |
ভাৰতৰ স্বাধীন হোৱাৰ পৰা আজি লৈকে কৃষকে দেশৰ কাৰণে যি খিনি অৰিহণা যোগাই আহিছে চৰকাৰে কনো দিনেই বুজি নাপালে। কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা ৩ খনকৈ কৃষি আইনক লৈ বিগত প্ৰায় ১১টা দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে।
এতিয়া ১১ দিনৰ পাছত কৃষকসকলৰ কাষত থিয় হল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। পুৱাই কেজৰিৱাল দিল্লী হাৰিয়ানাৰ সিন্ধু বৰ্ডাৰত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ কাষত থিয় হৈ তেওঁলোকলৈ থকা সমৰ্থনৰ কথা কয়।
কেজৰিৱালে কয় যে "কৃষকৰ সকলে যি দাবী আম আদমী পাৰ্টিৰ তেওলোকৰ সমৰ্থনত আছে। তেওঁলোকৰ দাবী সমূহ বিধিহত আৰু যুক্তিসংগত। মোৰ লগতে আমাৰ দল প্ৰাৰম্ভিক পৰ্যায়ৰে পৰাই তেওঁলোকৰ সৈতে আছে আৰু আগলৈও থাকিব।"
লগতে তেওঁ কয় "দিল্লী আৰক্ষীয়ে আমাক ৯ খনকৈ খেলপথাৰ বিছাৰিছিল যত কৃষক সকলক বন্দী কৰিবলৈ অস্থায়ী জেল বনাবলৈ, কিন্তু আমি জেললৈ পৰিৱৰ্তন কৰা অনুমতি প্ৰদান কৰা নাছিলো।"
আগন্তুক সময়ত সঠিক ভাৱে জানিব পৰা যাব কেন্দ্ৰীয় চৰকাৰে কৃষকৰ দাবী মানি লয় নে, কৃষকে আৰু কঠোৰ প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হয়।
Post a Comment
Please do not enter any spam link in the comment box.