![]() |
Photo source: Google |
পৃথিৱীত বহুতো ধৰণৰ বিষাক্ত সাপ পোৱা যায়। যদি এই বিষাক্ত সাপে ব্যক্তি বা জীৱ জন্তুক কামুৰিলে লগা লগ মৃত্যু হব পাৰে।
কিন্তু বৈজ্ঞানিক সকলে কোৱা মতে সাপে কামুৰিলে তাৰ বিষ আমাৰ শৰীৰৰ সকলো অংগ আৰু মগজুৰ পাবলৈ ৩ পৰা ৪ ঘন্টা সময় লাগে। কিন্তু মানুহক সাপে কামুৰিলে বহুত বেছি ভয় খাই আৰু সোনকালেই মৃত্যুক সাবতি লয়।আজি আমি চনতল নামৰ এনেকুৱা এবিধ বন ঔষধ বিষয় জনাম, এই বন ঔষধ বিধ সাপে খুটা ঠাইত লগালে সাপৰ বিষ নোহোৱা কৰাত সহায় কৰে।
চনতল দুটা প্ৰকাৰৰ পোৱা যায়, এবিধ অকল ফুল হে ফুলে আৰু এবিধ ফল আৰু ফুল ধৰে। এই ফলৰ ৰখ উলিয়াই সাপে কামোৰা ঠাইত লগালে বিষ কমোৱা লগতে শৰীৰৰ বাকি ঠাইলৈ বিয়পাত বাধা দিয়ে।
সাপে কামোৰিলে কেতিয়াও ভয় নকৰি এঠাইত বহি থাকিব লাগে যিমান পাৰে সিমান সোনকালে হস্পিতালত যাব লাগে। যদি সাপ বিষাক্ত হয় তেতিয়া কামোৰা পাছত ব্যক্তি জনক বচাব কাৰনে হাতত মাত্ৰ ১ পৰা ২ ঘন্টা সময় থাকে। গতিকে অকনো সময় নষ্ট নকৰি উচিত সিদ্ধান্ত লব লাগে। মনত ৰখা দৰকাৰ যে ভয়, আতংক আৰু হুলস্থূলীয়া পৰিৱেশ মৃত্যু সময় আৰু কমাই দিয়ে।
আমাৰ ওচৰে পাজৰে সাধাৰণতে দেখা সাপ বিলাক বিষাক্ত নহয়, ৯৫ শতাংশ সাপৰে বিষ নাই কিন্তু কামোৰা পাছত ভয় আৰু আতংকত বেছি ব্যক্তি মৃত্যু হয়।
Post a Comment
Please do not enter any spam link in the comment box.