অসমতো আহিব পাৰে 'লাভ জেহাদৰ' বিৰুদ্ধে নতুন আইন, বিয়াৰ এমাহ পূৰ্বে জনাব লাগিব দৰা-কইনাৰ ধৰ্ম।

Photo source: Google 

উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত 'লাভ জেহাদৰ' বিৰুদ্ধে নতুন আইন প্ৰনয়ন হৈ গইছে। সেই আইন মতে কোনো লোকে, কাকো ধৰ্ম পৰিবৰ্তন কৰিবলৈ বাধ্য কৰাব নোৱাৰিব। যদি নিজৰ পৰিচয় লুকুৱাই ৰাখি বিয়া কৰাই বা ধৰ্ম পৰিবৰ্তন কৰিবলৈ বাধ্য কৰাই তেতিয়া আইন মতে দণ্ডনীয় হব।

কিন্তু অসমত আইন খন অলপ বেলেগ ধৰণৰ হব। এই উত্তৰ প্ৰদেশ অথবা মধ্যপ্ৰদেশৰ দৰে নহয়। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে নাৰী সুৰক্ষা আৰু নিৰাপত্তা আৰু সংস্থাপন কাৰণে এই আইনে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

অসমত এই আইন প্ৰনয়ন হলে, মন গ’লেই লৰা ছোৱালী বিয়া হ’ব নোৱাৰিব, এমাহৰ আগতেই দৰা-কইনাই জমা দিব লাগিব নিজৰ ধৰ্ম, শিক্ষা, উপাৰ্জন, ঘৰৰ সম্পূৰ্ণ ঠিকনাৰ সৱিশেষ নথিপত্ৰ জমা দিব লাগিব।

মন্ত্ৰী শৰ্মাৰ মতে, "অসমৰ আইনখন ‘লাভ জেহাদৰ’ দৰে নহয়। ইয়াৰ দ্বাৰা সকলো ধৰ্মকে সামৰি লোৱা হ’ব। আৰু যুৱক যুৱতীসকলক স্বাৱলম্বী কৰাৰ লগতে স্বচ্চতা অনাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অকল ছোৱালী পক্ষ্যই নহয় দৰা পক্ষ্যই সবিশেষ আগতীয়াকৈ জমা দিব লাগিব। যদিহে মিছা নথিপত্ৰ জমা কৰে ব মিথ্যাছাৰৰ আশ্ৰয় লোৱা হয়, তেতিয়া আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব, ধৰা পৰিলে কঠোৰ শাস্তি সন্মুখীন হ'ব।"

বৰ্তমান যদিও আইন খন প্ৰনয়ন হোৱা নাই তথাপিও সকলো চিন্তা চঁচা সম্পূৰ্ণ হৈছে।
যদিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আইন খন 'লাভ জেহাদৰ' দৰে নহয় বুলি কলেও উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত 'লাভ জেহাদৰ' বিৰুদ্ধে প্ৰনয়ন কৰা আইনৰ লগত মিল দেখা যায়।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post