আপোনালোকে জানানে ট্ৰেইনৰ পাছফালে X চিহ্ন কিয় দিয়া থাকে, ইয়াৰ কাম কি?

Photo source: Google 

প্ৰতিদিনে হাজাৰ-হাজাৰ মানুহ ট্ৰেইনত যাত্ৰা কৰে। দুৰনি বতিয়া যাত্ৰা কাৰণে ট্ৰেইন যাত্ৰা আৰামদায়ক হয়। 

আপোনালোকে নিশ্চয় মন কৰিছে ট্ৰেইনৰ পাছফালে X চিহ্নটো, আৰু মনত প্ৰশ্ন হয় কিয় এই চিহ্নটো দিয়া থাকে?

এই X চিহ্নটো একেবাৰে শেষৰ দবাত দিয়া থাকে। এইটো চিহ্নই এইটোৱে বুজাই যে এইটো এইখন ট্ৰেইনৰ শেষ দবা।

এই চিহ্নটো এই কাৰণেই দিয়া হয় যে ট্ৰেইন কমচাৰী সকলে সহজতে চিন পাব এইটো শেষ দবা, আৰু দবা কিবা কাৰণত থাকি অহা নাই। কিবা দুৰ্ঘটনা সংঘটিত হোৱা নাই সকলো ঠিকেই আছে। আপোনালোকে কেতিয়াবা নিশ্চয় শুনিছে, কিবা কাৰণত শেষৰ এটা বা দুটা দবা থাকি অহা ঘটনা। X চিহ্ন দেখা পাছত কমচাৰীৰ নিশ্চিত কৰে যে কোনো ঘটনা ঘটা নাই সকলো থিক মতে আছে।

যদি কেনেবাকৈ দবা থাকি আহে শেষত X দেখা নাপায় তেতিয়া লগালগ কন্ট্ৰোল ৰুমত খবৰ দিয়া হয়, যাতে পাছত অহা ট্ৰেইন খন ৰখাই দিব পাৰে আৰু ঘটনা সংঘটিত নহয়।

ৰাতি এই চিহ্নটো দেখাত অসুবিধা হয় বুলি X ৰ ঠিক তলতে এটা ৰঙা ৰঙৰ লাইট দিয়া হৈছে যাতে দেখাত অসুবিধা নহয়। এই লাইট দেখিও কমচাৰীৰ সকলে গম পাই যে সকলো দবা ঠিকেই আছে।



Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post