সুস্বাস্থ্যৰ কাৰণে এই ৫ টা দিশত সদায় গুৰুত্ব দিব লাগিব

Photo source: Google 

স্বাস্থ্যবান হৈ থাকিবলৈ কোনে নিবিচাৰে। কিন্তু ব্যস্ততাৰ মাজত কেতিয়াবা আমি আমাৰ স্বাস্থ্য যত্ন লবলৈ পাহৰি যাওঁ। আজি আমি আপোনালোক ৫ টা সৰু সৰু কথা কম আৰু সৰু দিশ কেইটা ওপৰত গুৰুত্ব দিলে আপুনিও সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব।


১/ টোপনি সম্পূৰ্ণ কৰক
ব্যস্ততাৰ জীৱনত আমি ইমানেই ব্যস্ত হৈ যাওঁ যে কাম সম্পূৰ্ণ কৰিবলৈ বহু ৰাতি লৈকে কামত ব্যস্ত থাকি টোপনি খতি কৰো। টোপনি সম্পূৰ্ণ নকৰাকৈ আকৌ সোনকালেই উঠি কামতেই ব্যস্ত হৈ যাওঁ।
এনে কৰিলে আমাৰ দেহত বহুতে বেয়া প্ৰভাৱ পেলায়।
যদি আমি ব্যস্ততাৰ মাজতে দৈনিক ৮-৭ ঘন্টা ভাল টোপনি লব পাৰো তেতিয়া যিমান কষ্ট কাম কৰিলেও আমাৰ স্বাস্থ্য ভাল হৈ থাকিব।

২/ খুৱা বোৱা প্রতি যত্ন
সুস্বাস্থ্যৰ কাৰণে খাদ্যই গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। ভাল স্বাস্থ্য গৰাকী হবলৈ খুৱা বোৱ প্রতি যত্ন লব লাগিব। আমি খোৱা খাদ্য যাতে পুষ্টিকৰ হয় আৰু পাকস্থলীয়ে সহজতে হজম কৰিব পৰা হব লাগে। মুখৰ তৃপ্তিতকৈ খাদ্য গুনাগুণ প্রতিহে বেছি গুৰুত্ব দিয়া দৰকাৰ।
সঠিক সময়ত সঠিক ভাৱে আহাৰ গ্ৰহণ কৰিলেহে সঠিক পুষ্টি আমাৰ শাৰীয়ে পাব।

৩/ ব্যায়াম
আপোনাৰ দৈনিক কাম-কাজত যিমানেই ব্যস্ত নহওক কিয় ৰাতিপুৱা এক ঘন্টা ব্যায়াম কৰাটো নিতান্তই প্ৰয়োজনীয়। খাদ্য আমাক যিখিনি পুষ্টি দিয়ে, সেইখিনি ব্যৱহাৰ কৰিবলৈ ব্যায়াম কৰাটো নিতান্তই প্ৰয়োজনীয়। ব্যায়ামে আমাৰ দেহত সঠিক ভাৱে তেজ চলাচলত সহায় কৰে। আৰু প্ৰতিটো অংগক সক্ৰিয় কবি তোলে। দেহত যদি কিবা বেমাৰে দেখা দিয়ে তাক ঠিক কৰাত ব্যায়ামে সহায় কৰে আৰু বহুতো বেমাৰৰ পৰা বচাই ৰাখে।

৪/ মনটো সদায় সুখী কৰি ৰাখিব
আপুনি স্বাস্থ্য ভাল ৰাখিবলৈ যিমানেই চেষ্টা নকৰক কিয় যদি মনটো সুখী কৰিব নোৱাৰে তেতিয়া স্বাস্থ্য কেতিয়াও ভালে নাথাকিব। গতিকে কিছুমান পোৱা নোপোৱা বা অযথা কিছুমান চিন্তা লব নালাগে।

৫/ আত্মবিশ্বাসৰ
আমাৰ মাজত আত্মবিশ্বাস থকাটো প্ৰয়োজন। আত্মবিশ্বাসৰ আমাৰ মনত কিবা এটা কাম কৰিবলৈ আনন্দ দিয়ে আৰু মনত সন্তুষ্টি পাই। মনৰ সন্তুষ্টিয়ে স্বাস্থ্য সুস্থ ৰখাত সহায় কৰে। গতিকে আত্মবিশ্বাস কেতিয়াও কম হবলৈ দিব নালাগে।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post