![]() |
Photo source: Google |
নমস্কাৰ বন্ধ বান্ধৱী সকলৰ আজি আমি আপোনালোকক এনে এগৰাকী মহিলা বিষয়ে কব বিচাৰিছো, যে শাৰীৰিক ভাৱে অক্ষম হোৱা স্বত্তেও জীৱনত এনে কিছুমান কাম কৰিবলৈ সক্ষম হৈছে।
সাধাৰণতে আমি জীৱনত কিছুমান বস্তু নাপালে, কম পালে ভগৱান বা ভাগ্যক দুখ দিওঁ। কিন্তু এগৰাকী মহিলাই দুয়োখন হাত নথকা সত্বেও হাৰ নামানি সকলো কাম কৰি গাইছে। জীৱনৰ কম খিনিক কম বুলি নাভাবি মনোবল আৰু একাগ্ৰতাই আগ বাঢ়ি যোৱা এগৰাকী মহিলা।
মহিলাগৰাকীৰ নাম জেচিকা কষ্ক, বয়স ৩৬ বছৰ আৰু তেওঁ আমেৰিকাৰ বাসিন্দা । শাৰীৰিকভাৱে অক্ষম হৈও আকাশত উৰিল এই গৰাকী মহিলা । এই গৰাকী এনে এগৰাকী মহিলা যি গৰাকীয়ে হাত নোহোৱাকৈয়ে পাইলট হৈ বিমান চলায় । যাৰ বাবে মহিলা গৰাকীয়ে বিশ্ব ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিছে । তাৰোপৰি জেচিকা হৈছে প্ৰথমগৰাকী পাইলট যাৰ হাত নাই । এয়াই নহয় জেচিকাৰ ওচৰত পৃথিৱীৰ প্ৰথমখন এনেকুৱা লাইচেঞ্চ আছে যিখন হাত নথকা ব্যক্তিক দিয়া হৈছে ।
জেচিকাই কেৱল বিমানেই নহয় গাড়ীও ভৰিৰে চলায়, কিবোৰ্ডততো ভৰিৰে টাইপ কৰে । জেচিকাৰ জন্মৰ পৰাই হাত নাছিল যদিও নিজৰ মনোবলেৰে হাতেৰে কৰিব পৰা সকলোবিলাক কাম জেচিকাই কৰিব পাৰে ।
জীৱনত কনো কমেই অসম্ভৱ নহয় চেষ্টা আৰু সাধনাৰ ফলত সকলো কমেই সম্ভব হয়।
Post a Comment
Please do not enter any spam link in the comment box.