![]() |
Photo source: Google |
ভাৰতবৰ্ষতে নাৰীৰ ওপৰত চলে অবিৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ সকলোৱে দেখি শুনিও নীৰবে বহি আছে সমাজ, চৰকাৰ ৷
দিনক দিনে বাঢ়ি আহিছে বিশাল পৰিমানৰ যৌতুক দাবী আৰু যৌতুক নিদিলে শাৰীৰিক আৰু মানসিক অত্যাচাৰ তথা হত্যা ৷ নাৰীৰ ভ্ৰূণহত্যা, নাৰীক কাপোৰ কানি পিন্ধাত বাধ্য বাধকতা আৰু ধৰ্মীয় নেতাৰ দ্বাৰা ভাবুকি , অনুসূচিত জাতি আৰু জনজাতিৰ মহিলাৰ ওপৰত অত্যাচাৰ , শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বাধা , পুৰুষৰ সমানে সমান কামৰ বাবে মজুৰি দিবলৈ অস্বীকাৰ , বেশ্যা বৃত্তি অৱলম্বন কৰিবলৈ বাধ্য কৰোৱা আদি ঘটনাই ভাৰতীয় সমাজ ব্যৱস্থাত এতিয়া প্ৰতিদিনে ঘটি আহিছে ৷ এনে ঘটনাই ভাৰতীয়ৰ নাৰীক আৰু অধিক দুৰ্বল কৰি তুলিছে।
যদিও ভাৰতীয় সংবিধানত বিভিন্ন ব্যৱস্থা সন্নিৱিষ্ট কৰি নাৰীক বহুবিলাক অধিকাৰ স্বীকৃতি দিয়া হৈছে তথাপিও যেন এই বিলাকৰ কোনো কামত অহা নাই৷ ভাৰতীয় সংবিধানৰ ৩৯ (ঘ) অনুচ্ছেদত সমান কামৰ বাবে পুৰুষৰ সমানে মহিলাকো মজুৰি দিয়া নীতি সন্নিৱিষ্ট কৰা হৈছে ৷ আনহাতে ৪২ নং অনুচ্ছেদত মহিলাৰ সামাজিক নিৰাপত্তা নাতি সন্নিৱিষ্ট কৰা হৈছে ৷
নাৰীক বিভিন্ন অধিকাৰ সুৰক্ষিত কৰিবলৈ স্বাধীনতাৰ পিছত ভাৰত চৰকাৰে বহুকেইখন গুৰুত্বপূৰ্ণ আইন প্ৰণয়ন কৰিছে।
কেই খন মান গুৰুত্বপূৰ্ণ আইন হৈছে - বিশেষ বিবাহ আইন ,১৯৫৪ , হিন্দু বিবাহ আইন ১৯৫৫, যৌতুক নিষিদ্ধ আইন ১৯৬১, অপৰাধ সংক্ৰান্ত বিধি আইন ১৯৮১,ইত্যাদি৷
হয়তো এতিয়াও কিছুমানে এই আইন বিলাকৰ বিষয়ে নাজানে বা জানিলেও আইন ওচৰ চাপিব সাহস নকৰে। আইন লগতে দেশৰ সজাগ আৰু সচেতন হলে আন ৰাষ্ট্ৰী বিলাকৰ লগত আমাৰ কৃষ্টি-সংস্কৃতি আগুৱাই নিব পাৰিম।
Post a Comment
Please do not enter any spam link in the comment box.