এজন মানসিক ৰোগত আক্ৰান্ত যুৱকক মৰিয়াই-মৰিয়াই হত্যা কৰিলে, ঘটনা সংঘটিত হৈছে গোলাঘাটত।

Photo source: Google 


দিনক দিনে বাঢ়ি যোৱা মৰেল পুলিচগিৰিয়ে আকৌ ললে এজনৰ প্ৰাণ।
গোলাঘাট শাৰদীয় দুৰ্গ পূজাৰ বতৰত ঘটিল এই আমানৱীয় ভয়ংকৰ ঘটনা।
এক মানসিক ৰোগৰ আক্ৰান্ত যুৱক এজনক মৰিয়াই মৰিয়াই হত্যাৰ কৰিলে।

এই ঘটনাটো সংঘটিত গোলাঘাট জিলা ঘিলাধাৰী আৰক্ষী থানাৰ অন্তৰ্গত এখন সাপ্তাহিক বজাৰত প্ৰায় ১৫-১৬ জনীয় এটা দলে খেদি খেদি মৰিয়াই মৰিয়াই হত্যা কৰে।

যুৱক জনক ল'ৰা লৰিকৈ হস্পিতালত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

ঘিলাধাৰী আৰক্ষীয়ে খবৰ পাই এতিয়া লৈকে ৩ জনক আতক কৰি জেললৈ প্ৰেৰণ কৰিছে। এই ঘটনাৰ লগত জড়িত বাকি সকলক ধৰিবলৈ চেষ্টা কৰি আছে।

এই ঘটনা পাছত স্থানীয় ৰাইজে চৰকাৰ আৰু প্ৰশাসন আহবান কৰিছে যে ভবিষ্যতে যাতে এনে ঘটনা আৰু সংঘটিত হব নোৱাৰে তাৰ কাৰণে বিশেষ আইন প্ৰনয়ন কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে, যাতে অসমত আৰু এনে ঘটনা সংঘটিত নহয়।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post