বিহুগীতত অসমৰ সংস্কৃতি আৰু নদ-নদী সম্পৰ্ক

Photo source: Google 


অসমৰ সংস্কৃতিত নদ নদীৰ অবদান যথেষ্ঠ। অসম এখন নদী প্ৰধান ৰাজ্য, অসমৰ কৃষক সকলৰ লগত নদীৰ এটা এৰাব নোৱাৰা সম্পৰ্ক আছে। নদী উপৰত কৃষকৰ ভৱিয্যৎ নিৰ্ভৰ কৰে।
ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে অসমৰ ঐতিহ্য পৰম্পৰা সৃষ্টিত অৰিহণা যোগাই আহিছে।

অসমীয়াৰ প্ৰাণৰ উৎসৱ বিহু অসমৰ সংস্কৃতি আৰু এই বিহু গীতৰ লগত নদ-নদীৰ ওতপ্ৰোত সম্পৰ্ক আছে। সুখ-দুখ, আশা-আকাংক্ষা, প্ৰেম-বিবাহ এই সকলোবোৰ অনুভৱতে নদীৰ প্ৰভাব আছে।
বিহুগীতত ব্ৰহ্মপুত্ৰ বা লুইতৰ নাম আটাইতকৈ বেছি উচ্চাৰিত হয়। ইয়াৰে উপনৈসমূহৰ ভিতৰত জাঁজী নৈ উল্লেখনীয়।
জাঁজী নৈ নগা পাহাৰৰ পৰা উৎপত্তি হৈ যোৰহাট, শিবসাগৰ জিলাৰ সীমাইদি বৈ গৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ।

এই জাঁজী নৈ অসমীয়া মন-প্ৰাণত স্থান পাইছে, সেই কাৰণে নৈ খনৰ নাম অসমীয়া কৃষ্টি-সংস্কৃতি প্ৰাণৰ আপোন বিহু গীতত স্থান লাভ কৰিছে।

বিহু গীতে অসমীয়া জীৱন বোধৰ পৰিচয় দিয়ে।
বিহু গীতত আছে-
'জাঁজী নৈ শুকালে মাছৰে বেজাৰত লুইত শুকালে কিহত,
মই চেনাই শুকাইছোঁ তোমাৰে বেজাৰত তুমি শুকাইছা কিহত।'

জাঁজী নৈ লগত আৰু বহুতো বিহুগীত পোৱা যাই।

'জাঁজী নৈ ইপাৰে জাঁজী নৈ সিপাৰে কোনে দিয়ে যাব সাঁকো,
কোনে দিয়ে যাব ৰাঁচ দোৰেপতি কোনে দিয়ে যাব মাকো।'

অসমীয়া সমাজ জীৱনত নদ-নদীৰ প্ৰভাৱ কেনে, এই বিহু গীত বোৰেই প্ৰমাণ কৰে। অকল জাঁজী নৈ নহয় বিহু গীতত দিখৌ, ভোগদৈ, ধনশিৰি, সোৱণশিৰ, দিহিং, ডিমৰু, চেঁচা, ৰাঙানৈ, দিচৈ আদিৰ ব্যৱহাৰ দেখা পোৱা যায়।





Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post