সুশান্ত সিং ৰাজপুতৰ মৃত্যৱে লৈছে নতুন মূৰ, পোহৰলৈ আহিছে বহু তথ্য | Asomiya Khabar

Sushant Singh Rajput
Photo source: Google 


বলীউদ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা ঘটনাক লৈ পুলিচে সোধপোছ অব্যাহত ৰাখিছে। পুলিচৰ সোধ পোছত নতুন নতুন তথ্য পোহৰলৈ আহিছে। সুশান্ত সিং ৰাজপুতৰ মৃত্যু লৈ নিৰ্দেশক সঞ্জয় লীলা ভাংসলিকো সোধ পোছ কৰিব। পুলিচে নিৰ্দেশক গৰাকীক দুদিনৰ ভিতৰত হাজিৰ হবলৈ জাননী জাৰি কৰিছে।

খবৰ পোৱা মতে সুশান্ত সিং ৰাজপুতক সঞ্জয় লীলা ভাংসলিয়ে দুবাৰকৈ ফ্লিম অফাৰ কৰি পাছত দুয়োখন ফ্লিমৰ পৰা বহিষ্কাৰ কৰিছিল। সেই কাৰণেও সুশান্ত সিং ৰাজপুতৰ দুশ্চিন্তা পৰিছিল। আমি খবৰ পোৱা মতে এই বিষয়েও নিৰ্দেশক গৰাকীক সোধপোছ কৰিব।

উল্লেখ্য যে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা লৈ বিহাৰৰ পৰা এফ আই আৰ দিয়া হৈছিল। এই এফ আই আৰ বলীউদ অভিনেতা চলমান খান, নিৰ্দেশক সঞ্জয় লীলা ভাংসলি, কৰণ জোহাৰ, একতা কাপোৰকে ধৰি বলীউদৰ বহু কেইগৰাকী নাম আছে।

ইয়াৰ আগতে পুলিচে সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰিয়া চক্রবর্তী, সঞ্জনা সঙ্গীকে ধৰি 29 জনক সোধপোছ কৰিলে আৰু সোধপোছ জাৰি ৰাখিছে যাতে সঠিক কাৰণ জানিব পৰা যায়।
কিন্তু এইটো সত্য যে সুশান্ত মৰণোত্তম পৰীক্ষা মতে আত্মহত্যাই কৰিছিল।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post