অৱশেষত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড্ৰনাল ট্ৰাম্পে পিন্ধিলে মাস্ক | Asomiya Khabar

Donald Trump
Photo source: Google 

আমেৰিকাত কৰোনা ভাইৰাচৰ সংক্ৰমন হোৱা দিনৰ পৰা ৰাষ্ট্ৰপতি ড্ৰনাল ট্ৰাম্পে কিছুমান কথা আৰু কামৰ অবহেলা কৰা অভিযোগ উঠি আহিছে। তাৰ ভিতৰত এটা, তেওঁ কেতিয়াও মাস্ক পিন্ধিব বিছৰা নাছিল আৰু মাস্কৰ বিৰোধ কৰিছিল। কভিদ-১৯ মহামাৰী ঘোষণা আৰু বিশ্ব স্বাস্থ্য সংস্থায়ে (WHO) মাস্ক পিন্ধা অনিবাৰ্য্য কৰা সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে WHO বিপৰীত দিশত গৈ মাস্কৰ বিৰোধিতা কৰা লগতে নিয়ম নীত বিলাক মানি লবলৈ বিচৰা নাছিল, আনকি লকডাউন ওপৰতো বিশেষ গুৰুত্ব দিয়া নাছিল।

কিন্তু এতিয়া আমেৰিকাত কৰোনা সংক্ৰমন নিয়ন্ত্ৰণৰ বাহিৰত আহি উপনীত হয়।
আৰু প্ৰথম বাৰ ট্ৰাম্পে মাস্ক পিন্ধি হস্পিতালত নিৰীক্ষণ কৰা দেখা গৈছে। তেওঁ নিজে ছচিয়েল মিডিয়াত মাস্ক পিন্ধি ফটো চেয়াৰ কৰি নিজকে দেশভক্ত বুলি অভিহিত কৰিছে।

কিন্তু এতিয়াও তেওঁ সমালোচনা পৰা বাচিব পৰা নাই। সকলোতে এটাই কথা যে (অৱশেষত আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে পাৰ্টি দাবী মানি মাস্ক পিন্ধিবলৈ বাধ্য হ'ল।)

মাস্কৰ বিৰোধ কৰা কাৰণে বহুত বাৰ সমালোচনা সন্মুখীন হব লগা হৈছিল, তথাপি তেওঁ মাস্ক পিন্ধা নাছিল। এতিয়া আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময় আহি পৰিছে আৰু বিৰোধিয়ে মাস্ক নিপিন্ধা বিষয়ক লৈ বহুত বেছি সমালোচনা কৰিবলৈ ধৰিছে। আনকি সাধাৰণ জনতা এই বিষয়ক লৈ অসন্তুষ্ট দেখা পোৱা গৈছে। সেই কাৰণে বাধ্য হৈ মাস্ক পিন্ধি ফটো ছচিয়েল মিডিয়া চেয়াৰ কৰে। 

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post