Dharmenda Nath Death Case: সামান্য দুৰ্ঘটনাৰ বাবে ধৰ্মেন্দ্ৰ নাথৰ নৃশংস হত্যাকাণ্ড! বিজেপি নেতাসহ ৯ জনক গ্ৰেপ্তাৰ, ন্যায় পাবনে ধৰ্মেন্দ্ৰৰ পৰিয়ালে?
Asomiya khabar |
৪ দিনৰ আগলৈকে বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰি হত্যাকাণ্ডৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰা ৰঙিয়া আৰক্ষীয়ে ন্যায় দিব পাৰিবনে দুৰ্ভগীয়া পৰিয়ালটোক?
সামান্য দুৰ্ঘটনাৰ বাবে ধৰ্মেন্দ্ৰ নাথৰ নৃশংস হত্যাকাণ্ড! বিজেপি নেতাসহ ৯ জনক গ্ৰেপ্তাৰ, ন্যায় পাবনে ধৰ্মেন্দ্ৰৰ পৰিয়ালে?
গাড়ীত লগা সামান্য খুন্দা এটাৰ বাবে ঘাতকৰ দলে প্ৰাণ ল’লে ধৰ্মেন্দ্ৰ নাথৰ। হাত-ভৰি বান্ধি পুখুৰীত গোজ মাৰি থ’লে ধৰ্মেন্দ্ৰক। পিকনিকলৈ গৈ ৫ দিনে নিৰুদ্দেশ হৈ থকা ধৰ্মেন্দ্ৰৰ মৃতদেহ উদ্ধাৰৰ পাছতে ক্ষোভৰ জুই জ্বলিল ৰঙিয়াত। হত্যাৰ অভিযোগ উঠা বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰা ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলি কৰাৰ পাছতে এটা এটাকৈ জালত পৰিল ৯টা অভিযুক্ত। হিমাংশু কাকতি, অমূল্য লহকৰ, মণি কাকতি, বিকি লহকৰ, নিতু কলিতা, ধ্ৰুৱ মহন্ত, গকুল কলিতা আৰু অৰূপ কলিতাৰ লগতে বিজেপি নেতা অনুষ্ময় কলিতাক ৫দিনৰ জিম্মাত লৈ মাৰাথন জেৰা চলাইছে আৰক্ষীয়ে। ধৰ্মেন্দ্ৰ নাথক হত্যা কৰি পলাই থাকোতে ঘাতকক সহায় কৰাৰ অভিযোগত বিশ্বনাথ আৰক্ষীয়ে আটক কৰিছে বিহালীৰ পংকজ শৰ্মা আৰু সঞ্জয় সৰকাৰ নামৰ দুজন যুৱকক।
তদন্ত আগবঢ়াৰ লগে লগে পোহৰলৈ আহিছে ঘাতকৰ নৃশংসতা। একমাত্ৰ পুত্ৰ ধৰ্মেন্দ্ৰক হত্যা কৰাৰ পাছত বিজেপি নেতা অনুষ্ময় কলিতা এণ্ড কোম্পানীয়ে দুৰ্ভগীয়া মাতৃৰ পৰা সৰকাই নিছিল ৭ হাজাৰ টকা। নিৰুদ্দেশ হৈ থকা পুত্ৰক অনুষ্ময় কলিতা এণ্ড কোম্পানীয়ে মোকোলাই দিয়াৰ আশাত দিয়া ৭হাজাৰ টকাৰে উদৰ পুৰাই ভোজ খাইছিল ঘাতকৰ দলটোৱে। হয়তো দুখিনী মাতৃয়ে দিয়া ধনেৰে ভোজ খোৱাৰ পূৰ্বেই ধৰ্মেন্দ্ৰ নাথক হত্যা কৰি হাত-ভৰি বান্ধি পুখুৰীত গোজ পুতি থৈ আহিছিল ঘাতকৰ দলটোৱে।
হয়তো বিজেপি নেতা হোৱাৰ সুবাদতে ধৰ্মেন্দ্ৰ নাথক হত্যা কৰিও সাৰি যাব পাৰিম বুলি ভাবিছিল ঘাতকৰ দলে। কিন্তু ৰাইজৰ ৰুদ্ৰমুৰ্তি দেখি হত্যাৰ অভিযোগ উঠাসকলক দলৰ পৰা বহিস্কাৰৰ কথা ঘোষণা কৰিলে স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাই। বিজেপি নেতাৰ নৃশংসতাৰ বলি হোৱা ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালক ১০ লাখ টকাৰ এককালীন সাহাৰ্য দিয়াৰ কথাও ঘোষণা কৰিলে ভবেশ কলিতাই।
Post a Comment
Please do not enter any spam link in the comment box.