Photo source: Google |
কলগাছিয়াঃ মদিনাত অসমৰ শ শ হজযাত্ৰীৰ ডিঙিত উজলি উঠিল অসমৰ গামোচা ।এই গামোচাই মদিনাত হাজীসকলৰ বাবে এটা ডাঙৰ নিদৰ্শন হিচাবে পৰিগণিত হৈছে। মদিনাৰ অলিয়ে গলিয়ে হাজীসকলৰ চিনাকিৰ বাবে অসমীয়া গামোচা মূল্যবান অস্ত্ৰ হিচাবে বিবেচিত হৈছে । লাখ লাখ হজযাত্ৰীৰ মাজৰ পৰা হাজী এজন হেৰুৱাই গ’লে অসমৰ হাজীক উদ্ধাৰৰ ক্ষেত্ৰত অসমীয়া গামোচাই এক গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি হাজীসকলৰ দায়িত্বত থকা খাদিমুল হুজ্জাজ আলহাজ আব্দুল হাইয়ে জানিবলৈ দিয়ে। গামোচা ডিঙিত থাকিলে অসমৰ পৰা যোৱা বুলি সকলোৱে বুজি পায় আৰু এজন অসমীয়াই আন এজনক অসমীয়া হিচাবে মাত দিবলৈ সুবিধা কৰি দিছে এই অসমীয়া গামোচাখনে। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক মদিনাৰ পৰা আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে অসম হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামানৰ হজ পৰিচালনাৰ কাম কাজক হাজীসকলে আদৰণি জনাইছে ।
Post a Comment
Please do not enter any spam link in the comment box.