ভেকচিন লোৱা পাছত দেখা দিছে নেকি এইবিলাক লক্ষ্যণ? হ'ব পাৰে আপোনাৰ কাৰণে ভাল সংকেত

Photo source: Google 

ভেকচিন লোৱা পাছত ২ পৰা ৩ দিনলৈকে অলপ জ্বৰ হ'ব পাৰে। ভেকচিন লোৱা পাছত কৰোনা আক্ৰান্ত হোৱাৰ সম্ভাৱনা কমি আহে-


সমগ্ৰ বিশ্বতে কৰোনা সংক্ৰমন ৰোধ্ কৰিবলৈ ভেকচিন দিয়া হৈছে। ভাৰততো বহুত সোনকালেই ভেকচিন দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বহু জনে অনলাইন ৰেজিষ্টাৰ কৰি ভেকচিন লবলৈ ইচ্ছুক হৈছে। কিন্তু এতিয়াও বহু নাগৰিকৰ ভেকচিন লবলৈ ভয় কৰি আছে। চিকিৎসক তথা স্বাস্থ্য সংস্থাই আগতে জানিব দিছিল যে ভেকচিন লোৱা পাছত অলপ জ্বৰ, বিষ, শৰীৰ দুৰ্বল আৰু অন্যান্য সৰু সৰু সমস্যা দেখা দিব পাৰে।

এই বিষয়ে আলোচনা কৰি আমেৰিকাৰ বিশেষজ্ঞ চিকিৎসক Fauchi য়ে উল্লেখ কৰিছে "ভেকচিন লোৱাৰ পাছত যি ছাইডইফেক্ট হৈছে, এইটো একপ্ৰকাৰ ভাল সংকত কিয়নো শৰীৰত প্রতিৰোধ ক্ষমতা বৃদ্ধি হৈছে। সামান্য ৰূপে ৩ দিনলৈ জ্বৰ থাকে, তাৰ পাছত ঠিক হৈ যায়। জ্বৰৰ উপৰিও বেলেগ ধৰণৰ সৰু সৰু সমস্যাৰ দেখা দিব পাৰে, এইবিলাক ভাল লক্ষ্যণ। আমি বুজিব লাগিব যে সামান্য জ্বৰ উঠা, বিষ, শৰীৰৰ দুৰ্বল লগা মানে শৰীৰৰ ভাইৰাচৰ সৈতে যুঁজ দিবলৈ তৈয়াৰ হৈছে।"

কিন্তু তেওঁ এইটোও কৈছে যে "যদি ভেকচিন লোৱাৰ পাছত স্ক্ৰীনত কিবা সমস্যাৰ দেখা দিয়ে, তেনেহ'লে সোনকালেই চিকিৎসকৰ পৰামৰ্শহয় উচিত।" তেওঁ আৰু কয় যে "ভেকচিন লোৱা মানে এইটো নহয় যে আপোনাৰ কৰোনা নহ'ব। কিন্তু ভেকচিন ললে আক্ৰান্ত হোৱাৰ সম্ভাৱনা কমি আহে আৰু আক্ৰান্ত হলেও ভয়ানক পৰিস্থিতি বা মৃত্যু হোৱা সম্ভাৱনা নাথাকে।"


Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post