![]() |
Photo source: Google |
ডেৰটা বছৰে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে কৰোনা ভাইৰাছে। মানৱজাতিক এই মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ গৱেষকসকলে বহুত চেষ্টা কৰি আছে। ইয়াৰ মাজতে এটা আচৰিত তথ্য পোহৰলৈ আহিছে। কৰোনা ভাইৰাচ পৃথিৱীত এতিয়াৰ নহয়, বৰঞ্চ ২০ হাজাৰ বছৰ পূৰ্বৰে পৰা পৃথিৱীত এই ভাইৰাছ বৰ্তি আছিল বুলি দাবী কৰিছে গৱেষকসকলে।
ভাইৰাচৰ জিন সম্পৰ্কিত এটি গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, আজিৰ পৰা প্ৰায় ২০ হাজাৰ বছৰ আগতে পূৱ এছিয়াত কৰোনা ভাইৰাছৰ সংক্ৰমণ হৈছিল। সম্প্ৰতি ‘কাৰেণ্ট বায়’লজি’ নামৰ এখন পত্ৰিকাত এই গৱেষণাৰ প্ৰতিবেদন প্ৰকাশ পাইছে। কু্ইন্সলেণ্ড ইউনিভাৰ্ছিটী অৱ্ টেকন’লজী, ইউনিভাৰ্ছিটী অব কেলিফ’ৰ্নিয়া’ তথা ইউনিভাৰ্ছিটী অব এডিলেইডে যৌথভাৱে এই গৱেষণা চলাইছে।
কুইন্সলেণ্ড ইউনিভাৰছিটী অৱ্ টেকন’লজী বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষকে সদৰি কৰে যে, ‘মানুহৰ জিনৰ বিৱৰ্তন জানিবলৈ চেষ্টা কৰা হৈছে এই গৱেষণাৰ যোগেদি। ২০ হাজাৰ বছৰ পূৰ্বে পূব এছিয়াত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল। তেতিয়াৰ ভাইৰাছৰ চৰিত্ৰৰ সৈতে এতিয়াৰ ভাইৰাছৰ চৰিত্ৰৰ বিস্তৰ সামঞ্জস্য পোৱা গৈছে। মূলতঃ চীন, জাপান, মংগোলিয়া, উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া আৰু টাইৱানত এই ভাইৰাছৰ উপস্থিতি দেখা গৈছিল।’
এই তথ্য পোহৰলৈ অহাৰ পাছত স্বাভাৱিকতে প্ৰশ্নৰ উদয় হৈছে যে, সেই সময়ত এই ভাইৰাছৰ পৰা কিদৰে ৰক্ষা পৰিছিল মানৱজাতি। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, এইধৰণৰ মহামাৰীৰ ফলত মানুহৰ জিনৰ বিস্তৰ পৰিৱৰ্তন হয় আৰু বহু ভাইৰাছৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, এয়ে প্ৰথম নহয়, ইয়াৰ পূৰ্বেও কৰোনা ভাইৰাছৰ ফলত একাধিক মহামাৰীৰ সৃষ্টি হৈছিল বুলি জনাইছে গৱেষকসকলে।
Post a Comment
Please do not enter any spam link in the comment box.