পুৱাৰ কোমল ৰ’দ আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী | Benefits of Sun Ray

Photo source: Google

আমাৰ শৰীৰটোৱে উপযুক্তভাৱে কাম কৰিবলৈ সকলো ধৰণৰ পুষ্টি, ভিটামিন প্ৰয়োজন হয় ৷ তাৰ ভিতৰত ভিটামিন ডি য়ে শৰীৰৰ কাৰ্যক্ষমতাত বিশেষধৰণে সহায় কৰে। আৰু ভিটামিন ডিৰ এটা উত্তম উৎস সূৰ্যৰ ৰশ্মি (Sun Ray source of vitamin D) ৷ পুৱাৰ কোমল ৰ’দে দেহত সতেজতা আনে ৷ লগতে শৰীৰত উপযুক্ত ভিটামিন ডিৰ যোগান ধৰে ৷ শীতৰ দিনকেইটাত ৰ’দ পুৱাই সকলোৱে আৰাম লাভ কৰে ৷ ঠাণ্ডা কালি ৰ’দ অকণ বিচাৰি সকলোৱে হাবাথুৰি খাই ফুৰে ৷ এই ৰ’দৰো আছে বিভিন্ন উপকাৰিতা (Benefits of Sun Ray) ৷


আগৰ দিনত প্ৰায়ে মানুহবোৰে আগবেলাৰ কোমল ৰ’দ গাত লৈছিল ৷ কিন্ত আজিকালি দিন বাগৰাৰ লগে লগে কামৰ তাগিদাত মানুহৰ সেইবোৰৰ বাবে সময়ৰ অভাৱ ৷ পিছে দিনটোৰ বেছিভাগ সময় সূৰ্যৰ ৰশ্মিৰ পৰা আঁতৰি থকাটোৱে পিছলৈ শৰীৰত ঋণাত্মক প্ৰভাৱ পেলায়৷ সেয়ে অধিক সময় ঘৰৰ ভিতৰত থকাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক ৷ পুষ্টিবিদ তথা ডায়েবেটিছ শিক্ষাবিদ দিব্যা গুপ্তাই কৈছে যে, "ভিটামিন ডি-য়ে হাড়ৰ স্বাস্থ্য বজাই ৰাখে, ওজন হ্ৰাস কৰাত সহায় কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু সূৰ্যৰ ৰশ্মি আমাৰ স্নায়ুতন্ত্ৰৰ বাবেও ভাল ৷ ই আমাৰ মগজুৰ স্বাস্থ্য বজাই ৰাখে ৷"

শাৰিৰীক বিকাশৰ লগতে শৰীৰে নিয়মিতভাৱে এটা মাত্ৰাত কাম কৰি যাবলৈ ভিটামিন ডি ক উপকাৰী বুলি গণ্য কৰা হয়। ইণ্ডিয়ান একাডেমী অফ পেডিয়াট্ৰিক্স আৰু আইচিএমআৰে কৰা গৱেষণা অনুসৰি, প্ৰায় 70 শতাংশ ভাৰতীয় ভিটামিন ডিৰ অভাৱত ভুগি আছে আৰু এই পৰিসংখ্যাত শিশু আৰু প্ৰাপ্তবয়স্ক উভয়েই অন্তৰ্ভুক্ত আছে।

দিল্লীৰ এজন চিকিৎসক ডাঃ মনিন্দৰ সিঙে উল্লেখ কৰিছে যে সূৰ্যৰ পৰা দূৰত্ব বজাই ৰখা মানে হৈছে অসংখ্য ৰোগক আমন্ত্ৰণ জনোৱা । সূৰ্যৰ ৰশ্মিৰ পৰা অহা ভিটামিন ডি-য়ে শৰীৰত কেলচিয়াম আৰু ফছফেটৰ হজম বৃদ্ধিত সহায় কৰে, যিয়ে পিছলৈ হাড়, দাঁত আৰু পেশী শক্তিশালী আৰু স্বাস্থ্যৱান কৰাত সহায় কৰে ৷ সূৰ্যৰ ৰশ্মিৰ পৰা বেছিকৈ আঁতৰি থাকিলে হাড়ৰ ৰোগ যেনে ৰিকেট আৰু অষ্টিওপোৰোচিছ হোৱাৰ সম্ভাৱনা থাকে ।

বিভিন্ন গৱেষণাই দেখুৱাইছে যে হাড়ৰ স্বাস্থ্য উন্নত কৰাৰ লগতে সূৰ্যৰ ৰশ্মিয়ে মহিলাৰ ক্ষেত্ৰত স্তনত কৰ্কট ৰোগ হোৱাও প্ৰতিৰোধ কৰে ৷ এটা সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি দিনটোৰ বেছিভাগ সময় সূৰ্যৰ ৰশ্মিত থকা মহিলা সকল নতুবা বেছি সময় ধৰি ৰ’দ পৰি থকা অঞ্চলৰ মহিলাসকলৰ ক্ষেত্ৰত বন্ধ কোঠালিত কৰ্মৰত মহিলাৰ তুলনাত স্তন কেঞ্চাৰ প্ৰৱণতা কম ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰাৰ উপৰিও ভিটামিন ডি-ৰ অভাৱৰ ফলত কৰ্কট ৰোগ, কাৰ্ডিওভাস্কুলাৰ ৰোগ, মধুমেহ, সংক্ৰমণ আৰু প্ৰদাহজনিত ৰোগৰ আশংকা বৃদ্ধি হ'ব পাৰে । সূৰ্যৰ ৰশ্মিৰ অভাৱত মানুহে এলাৰ্জি, হাত-ভৰিৰ বিষ, ভাগৰ, পাহৰি যোৱা, অনিদ্ৰা, হতাশা আদিও অনুভৱ কৰিব পাৰে।

এইবোৰৰ বাহিৰে সূৰ্যৰ ৰশ্মিয়ে প্ৰাকৃতিক বীজাণুনাশক হিচাপেও কাম কৰে । বিভিন্ন ক্ষতিকাৰক বেক্টেৰিয়া আৰু ভাইৰাছৰ সূৰ্যৰ ৰশ্মিৰ সংস্পৰ্শলৈ অহাৰ ফলত মৃত্যুও ঘটে । কেৱল এয়াই নহয়, মেলানোমা, যাক সাধাৰণতে ছালৰ কৰ্কট ৰোগৰ বাবে মুখ্য কাৰক হিচাপে গণ্য কৰা হয় সূৰ্যৰ ৰশ্মিৰ সংস্পৰ্শলৈ আহিলে সেই মেলানোমা হোৱাৰ সম্ভাৱনাও হ্ৰাস হয় ৷

2003 চনত জাৰ্নেল অফ ইনভেষ্টিগেটিভ ডাৰ্মাটোলজীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি, সূৰ্যৰ ৰশ্মিয়ে দেহত ‘সুখী হৰমন’ এণ্ডোৰ্ফিন নিঃসৰণ কৰে । আপুনি হয়তো লক্ষ্য কৰিছে যে বৰষুণৰ বতৰত দীঘলীয়া সময়ৰ বাবে সূৰ্যৰ পোহৰৰ অভাৱে মানুহক মানসিক ভাৱে দুৰ্বল কৰি পেলায়, দেহত শক্তিৰ অভাৱ ঘটাই ৷ লগতে বহুতৰ সঘনাই মনৰ স্থিতি সলনি হোৱাও দেখা যায় ৷ পূৰ্বৰে পৰাই মানসিক অশান্তিত ভূগি থকা লোকসকলৰ বাবে সূৰ্যৰ অনুপস্থিতিয়ে অধিক শাৰিৰীক মানসিক স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে ৷

এণ্ডোৰ্ফিনৰ উপৰিও, সূৰ্যৰ সংস্পৰ্শলৈ আহিলে দেহত চেৰোটনিন আৰু মেলাটোনিন নামৰ আৰু দুটা হৰমন ৰস বৃদ্ধি হয়, যিয়ে মানুহক হতাশা আৰু অনিদ্ৰাৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে । মেলাটোনিন হৰমনে ছাল উন্নত কৰাত সহায় কৰে আৰু ই ছালক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষিত কৰে। ই শৰীৰৰ চাৰ্কাডিয়ান ছন্দ (circadian rhythm) বজাই ৰখাতো লাভজনক।




Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post