কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত জুবিন গাৰ্গ আৰু কয় 'এজন দৌৰিব পৰা মুখ্যমন্ত্ৰী বিচাৰো'

Photo source: Google 

অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব? কেতিয়া গঠন হ'ব মন্ত্ৰী পৰিষদ? এইলৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন জনৰ মাজত চলিছে ব্যাপক চৰ্চা। বিভিন্ন মহলত হোৱা আলোচনা অনুসৰি, হিমন্ত বিশ্ব শৰ্মা অথবা সৰ্বানন্দ সোণোৱালৰ ভিতৰত যিকোনো এজনেই শুকুৰবাৰে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব।

এই চৰ্চা চলি থকা মাজতেই বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত হ'ল জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গ। সাংবাদিক সকলে প্ৰশ্ন কৰে জুবিন গাৰ্গেক, 'কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে?' এই সন্দৰ্ভত জুবিন গাৰ্গে কয় যে, 'মই এজন ডাইনেমিক, এগ্ৰেচীভ, আৰু দৌৰিব পৰা মুখ্যমন্ত্ৰী বিচাৰো। পৰিস্থিতি জটিল মাজত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পৰা এজন দৌৰিব পৰা মুখ্যমন্ত্ৰী লাগে।' হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল মাজত কাক মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে বুলি সোধাত তেওঁ কয় 'দুয়োজন ককাইদেৱেই মোৰ আপোন। এইমুহূৰ্তত কাৰো নাম নলও।'

ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি জুবিন গাৰ্গে নিজৰ কাহিলীপাৰাৰ বাসগৃহটো কোভিড কেয়াৰ চেণ্টাৰ হিচাপে দিব বিচাৰে বুলি উল্লেখ কৰে। আনহাতে কোৰোণাৰ বাবে বিহুৰ অনুষ্ঠান আধাতে সামৰিবলগীয়া হোৱা শিল্পীসকলৰ বাবে ডিচেম্বৰ মাহত বিশেষ অনুষ্ঠান পাতি শিল্পীসকলক সহায় কৰাৰ পৰিকল্পনাৰ বিষয়েও মন্ত্ৰী হিমন্তক অৱগত কৰে জুবিন গাৰ্গে।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post