এতিয়া কৰোনা টেষ্ট কৰিবলৈ যাব নালাগে স্বাস্থ্য হস্পিতালত, ঘৰতে কৰিব পাৰিব ল টেষ্ট ! কিন্তু কেনেকৈ?

Photo source: Google 

কৰোনা পৰীক্ষা কৰাৰ বাবে এতিয়া আৰু আপুনি স্বাস্থ্য কেন্দ্ৰলৈ যোৱাৰ প্ৰয়োজন নাই, কিয়নো আজিৰ পৰা ঘৰ পৰাই আপুনি কৰিব পাৰিব কৰোনা টেষ্ট। ‘ক’ভিচেল্ফ’ হৈছে ভাৰতৰ প্ৰথম নিজে সাধাৰণ ভাবে ব্যৱহাৰ কৰিব পৰা ৰেপিড এণ্টিজেন টেষ্ট কিট, যাৰ জৰিয়তে দুই মিনিটতে টেষ্ট কৰিব পাৰিব আৰু ১৫ মিনিটত ফলাফল পাব। এই কিট তৈয়াৰ কৰা কোম্পানীয়ে এই দাবী কৰিছে। বুধবাৰে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আইচিএমআৰ) এই পৰীক্ষা কিটৰ অনুমোদন জনাইছে।

এই কিটেৰে টেষ্ট কৰিবলৈ ২ মিনিট সময় লাগিব আৰু ফলাফল ১৫ মিনিটৰ ভিতৰত পাব পাৰিব । কিটটো অহা সপ্তাহৰ শেষৰ ফালে বজাৰত উপলব্ধ হ'ব আৰু অনলাইনতো উপলব্ধ হ’ব’।
তেওঁ লগতে কয়, ‍‘আপুনি এই কিটৰ দ্বাৰা নিজেই পৰীক্ষা কৰিব পাৰে। যদি ইয়াত কৰোনা পজিটিভ আহে তেন্তে আই চি এম আৰৰ মতে আৰটি-পিচিআৰ পৰীক্ষা কৰিব নালাগে। যিকোনো লোকে সহজতে মেনুৱেল খন পঢ়ি এই কিটটো ব্যৱহাৰ কৰিব পাৰিব’।

আইচিএমআৰে কয় যে ক’ভিচেল্ফ টেষ্টৰ ফলাফল মোবাইল এপৰ জৰিয়তে আপলোড কৰা হ’ব, যাক গুগলৰ প্লেষ্ট’ৰ বা এপল ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। ফোনৰ দ্বাৰা প্ৰেৰণ কৰা ডাটা আইচিএমআৰৰ ক’ভিড-১৯ পৰীক্ষণ পৰ্টেলত সংৰক্ষণ কৰা হ’ব।

এই কিট উপলব্ধ হোৱাৰ পিছত যিসকলে কৰোনা পৰীক্ষা কৰিবলৈ বাহিৰলৈ যাব নিবিচাৰে, তেওঁলোকে নিশ্চিতভাৱে সকাহ পাব।
ম’বাইল এপত টেষ্টিঙৰ সম্পূৰ্ণ বিবৰণ ভালদৰে দিয়া হৈছে আৰু এই এপৰ জৰিয়তে ৰোগীক পজিটিভ বা নিগেটিভ ফলাফলৰ পাব।
এপটোৰ ডাটা বোৰ এক সুৰক্ষিত চাৰ্ভাৰত সংগ্ৰহ কৰা হ’ব যাক আইচিএমআৰ ক’ভিড-১৯-ৰ পৰীক্ষণ পৰ্টেলৰ সৈতে সংযোজিত কৰা হ’ব।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post