![]() |
Photo source: Google |
Covid vaccine- প্ৰদান ক্ষিপ্ৰতাৰে চলি আছে। কিন্তু বহুতৰ মাজত এটা প্ৰশ্ন যে কোনে লব পাৰিব আৰু কোনে লব নোৱাৰিব। কেন্দ্ৰীয় চৰকাৰৰ দিয়া পৰামৰ্শ মতে কোৰোনাত আক্ৰান্ত হৈ সুস্থ হোৱা লোকসকলে তিনি মাহৰ পাছত ভেকচিন ল'ব লাগিব।
ভাৰত চৰকাৰৰ তৰফৰ পৰা জানিব দিছে যে স্তনপান কৰোৱা মহিলাসকলৰ বাবেও ভেকচিন সুৰক্ষিত।যদিহে ভেকচিনৰ প্ৰথমটো পালি লোৱাৰ পাছত কোৰোনাত আক্ৰান্ত হয়, তেন্তে দ্বিতীয়টো ভেকচিনৰ পালি তিনি মাহ পাছতহে ল’ব লাগে।
অৱশ্যে সন্তানসম্ভৱা মহিলাই ভেকচিন লোৱাৰ সন্দৰ্ভত আলোচনা কৰি থকা হৈছে সোনকালেই এই সন্দৰ্ভত চৰকাৰে পৰামৰ্শ আগবঢ়াব।
ইফালে, প্লাজমা দিয়া ৰোগী সকলে তেওঁলোকেও হাস্পতালৰ পৰা ঘৰলৈ উভতি যোৱাৰ তিনি মাহ পাছতহে কৰোনা ভেকচিন লোৱা উচিত ।
আনহাতে, কৰোনা ভেকচিনৰ প্ৰথমটো ড’জ লোৱা কোনো লোক কোৰোনাত আক্ৰান্ত হলে, সেইসকল লোকে দ্বিতীয়টো ড’জ তিনি মাহ পাছত ল’ব পাৰিব।
ইফালে, ৰক্তদান সন্দৰ্ভত জানিব পৰা খবৰ মতে, কোৰোনাৰ ভেকচিন গ্ৰহণ কৰা কোনো লোকে ১৪ দিনৰ পাছত ৰক্তদান কৰিব পাৰিব। অৱশ্যে কোৰোনাত আক্ৰান্ত কোনো লোকে আৰটিপিচিআৰ টেষ্টত নিগেটিভ পালে তেওঁলোকে ৰক্তদান কৰিব পাৰিব।
Post a Comment
Please do not enter any spam link in the comment box.