কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা, পাহাৰীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ বাবে ৫০ শতাংশ বিমান সেৱাত ৰেহাই ।

Photo source: Google 

অপাৰেচন গ্ৰীন যোজনা: কেন্দ্ৰীয় চৰকাৰে এই যোজনাৰ আধাৰত উত্তৰ-পূৰ্বাঞ্চলৰ আৰু পাহাৰীয়া ৰাজ্য খেতিয়ক সকলক বিমান সেৱা কাৰণে ৫০ শতাংশ ৰেহাই ঘোষণা কৰে।


১১ নবেম্বৰ ২০২০ তাৰিখে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ আৰু পাহাৰীয়া ৰাজ্য পৰা ভাৰতৰ যি কনো ৰাজ্যলৈ ফল আৰু শাক পাচলি পথাবলৈ বিমানত ৫০ শতাংশ ৰেহাই ঘোষণা কৰিলে।

কৰোনা ভাইৰাচৰ কাৰনে কৃষক সকলক বহুত বেছি লোকচানৰ সন্মুখীন হব লগা হৈছিল। গতিকে চৰকাৰে কৃষক সকলক সহায় কৰা উদেশ্যৰে উত্পাদিত শাক পাচলি, ফল মূল যাতে ভাৰতৰ সকলো ৰাজ্যত বিমানে কম সময়ৰ ভিতৰতে দিব পাৰে। লোকচান হাৰ কমাবলৈ অপাৰেচন গ্ৰীন যোজনা অধীনত এই সুবিধা দিছে।

আগতে এই যোজনা অধীনত ৰেল সেৱাৰ কাৰণে প্ৰযোজ্য আছিল, এতিয়া ১১ নবেম্বৰ পৰা বিমান সেৱা কাৰণে প্ৰযোজ্য হব। খাদ্য সংস্কৰন উদ্যোগ মন্ত্ৰালয় কোৱা মতে আত্মনিৰ্ভৰ ভাৰত অভিয়ান অন্তৰ্গত অপাৰেচন গ্ৰীন যোজনাৰ দ্বাৰা মাল পথাবলৈ বা মাল আনিবলৈ মুঠ খৰছৰ 50 শতাংশ কেন্দ্ৰীয় চৰকাৰে বহন কৰিব।

এই যোজনাৰ অধীনত ২১ বিধ ফল মূল আৰু ২০ বিধ শাক-পাচলি অন্তৰ্ভুক্ত কৰা হৈছে- আম, কল, অমৰূদ, লিচু, মৌশাম্বি, কমলা, কিন্নু, নেমু, অমিতা, মাটিকঁঠাল, কাঁঠাল, আপেল, বাদাম,আমলখি, নাশপাতি, মিঠা আলু ইত্যাদি। ২০ টি শাক-পাচলি কৰেলা, বেগুনা, ক্যাপসিকাম, গাজৰ, ফুলকপি, মৰিচা, মটৰ, ৰসুন, পেঁয়াজ, আলু, বিলাহী, ৰঙালাও , কুমুড়া, আদা, বন্ধাকবি ইত্যাদি।।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post