![]() |
Photo source: Google |
যোৱা কিছুদিন ধৰি বলীউদ জগতৰ পৰা বেয়া খবৰ আহিবলৈ ধৰিছে। ২০২০, এই বছৰত বহু কেইগৰাকী জনপ্ৰিয় বলীউদ অভিনেতা আমাৰ মাজত পৰা আতৰি গ'ল।
শনিবাৰে ৰাতি আৰু এটা বেয়া খবৰ আহিছে, বলীউদৰ মহানায়ক অমিতাভ বচ্চনৰ দেহত কৰোনা ভাইৰাচৰ সংক্ৰমন পোৱা গৈছে। তেওঁ নিজে সেই কথা টুইটাৰত পোষ্ট কৰি জনাই যে, তেওঁ দেহত কৰোনা পজেটিভ পোৱা গৈছে।
অমিতাভ বচ্চন লগতে তেওঁ পুত্ৰ, অভিনেতা অভিষেক বচ্চন কৰোনা ভাইৰাচৰ সংক্ৰমন পোৱা গৈছে। মুম্বাই নানাৱতী হস্পিতালত দুযোকে একেলগে ভৰ্তি কৰা হৈছে। হস্পিতাল পৰা জানিব দিয়া মতে দুয়োৰে দেহত কৰোনা ভাইৰাচৰ মধ্যম লক্ষণ দেখা পোৱা গৈছে আৰু এতিয়া দুয়োকে আইসোলেশন ৱাৰ্ডত ৰখা হৈছে।
আমি জানিব পৰা মতে নগৰপালিকা কমচাৰীৰ সকলে অমিতাভ বচ্চনৰ ঘৰ সম্পূৰ্ণ স্যানিটাইজৰ কাম কৰিছে, আৰু পৰিয়ালৰ সকলো সদস্যৰ লগতে ঘৰত থকা সকলো কমচাৰীৰ নমুনা পৰীক্ষা কৰিবলৈ পঠিওৱা হৈছে, তেওঁলোক যোৱা ১০ দিন ধৰি অমিতাভ আৰু অভিষেক সম্পৰ্কত আছিল।
চিন্তাৰ বিষয় এইটো যে বচ্চন পৰিয়ালতো কৰোনা ভাইৰাচৰ সংক্ৰমন হ'লগৈ। সন্দেহ কৰা মতে অভিষেক বচ্চন বাহিৰত যোৱা কাৰণেই কৰোনা পৰিয়ালত সংক্ৰমন হবলৈ পালে।
আপোনালোক জনাই থওঁ যে অভিষেক বচ্চনৰ প্ৰথম (Web series breath) ৰিলিজ হৈছে, সেই (Web series) শ্বটিং কৰিবলৈ গৈছিল আৰু তাতে অজানিতে কোনোবা কৰোনা সংক্ৰমিত ব্যক্তি সম্পকলৈ আহিছিল আৰু বচ্চন পৰিয়াল কৰোনা ভাইৰাচত আক্ৰান্ত হল।
বলীউদ জগতৰ বলিষ্ঠ অভিনেতা অনুপম খেৰৰক আপোনালোকে সকলো জানে তেওঁও টুইট কৰি জনাই যে তেওঁ পৰিয়াল ৪ জন সদস্য কৰোনা পজেটিভ। মাক দুলাৰী খেৰৰ, ভায়েক ৰাজু, বোৱেক আৰু ভতিজী কৰোনা পজেতিভ পোৱা গৈছে।
Post a Comment
Please do not enter any spam link in the comment box.