দেশৰ অৰ্থনীতি সমস্যাৰ আৰু কৰোনা মহামাৰী সমস্যাৰ মাজত Lockdown 5.0 প্রয়োজনিয়তা? Asomiya Khabar

Lockdown 5.0
Photo source: Google 

দেশত লকডাউন 4.0 সমাপ্ত হোৱাৰ লগে-লগে সকলো গতিবিধি সামান্য হোৱা সম্ভৱনা আছে।
কিন্তু কিছুমান ৰাজ্যই লকডাউন বঢ়োৱা উপৰত গুৰুত্ব দিছে। কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈ কোনো ধৰণৰ মতামত প্ৰকাশ কৰা নাই।

চতুৰ্থ চৰণ লকডাউন সমাপ্ত হোৱাৰ পাছত কিছুমান ঠাই যেনে- মুম্বাই, দিল্লী আৰু আহমেদাবাদ কৰোনা সংক্ৰমৰ বিষয়ে চিন্তা কৰিব লগীয়া। এইটো কথাও সঁচা যে 1000 জনতকৈও কম কৰোনাত আক্ৰান্ত হোৱাৰ আগতেই ভাৰতত লকডাউন দিয়া হৈছিল, আৰু 2 মাহ ধৰি লকডাউনত থকা সত্বেও 1.52 লাখ ( 28 মে লৈকে) আক্ৰান্ত সংখ্যা হ'লগৈ। গতিকে লকডাউন থকা বা নথকা বিশেষ পাৰ্থক্য নাই।

প্রত্যেক লকডাউন পাচত তর্ক-বিতর্ক হয়, যে লকডাউন বঢ়োৱা যায়, নে হতোৱা যায়। কাৰণ ৰাজ্য সমূহৰ Covid-19 লগত যুজিবলৈ কোনে কেনেকৈ ৰণনীতি প্রস্তত কৰিছে । লকডাউন সপক্ষে আৰু বিপক্ষে কোনো কি ধৰণে মতামত আগবঢ়াই তাক লৈয়ে আগন্তুক দিনত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কিন্তু ভবিষ্যত অৰ্থনীতি আৰু পৰিকল্পনা কথা লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে এক বিশেষ ভূমিকা পালন কৰি এক সঠিক সিদ্ধান্ত গ্ৰহণ কৰা প্রয়োজন।

ভাৰতৰ কাৰনে এটা ভাল খবৰ এইটো যে ভাৰতত গুৰুত্ব অৱস্থা থকা ৰোগী সংখ্যা কম, আৰু বেছি ভাগ ৰোগী, সংক্ৰমন চহৰৰ মাজতে আবদ্ধ।

তাৰ উপৰিও এইটো কথাও সত্য যে ভেকচিন আগন্তুক এবছৰলৈকে অহাৰ সম্ভাৱনা কম। গতিকে দেশৰ অৰ্থনীতি ভেকচিন অহাৰ লৈকে এনেদৰে ৰখাৰ সম্ভৱ নহয়। গতিকে লকডাউন 4.0 অন্ত পৰিলে Lockdown 5.0 লৈ যোৱা আগতে সকলো কথা বিবেচনা কৰা প্রয়োজন।

কিন্তু কেইখনমান ৰাজ্যই বৰ্দ্ধিত সংক্ৰমনৰ কথা লক্ষ্য ৰাখি লকডাউন জাৰি ৰাখিব বিচাৰে। বর্তমান কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে কোনো মতামত জাৰি কৰা নাই। এতিয়া কেন্দ্ৰীয় চৰকাৰে সকলো কথা লক্ষ্য ৰাখি সঠিক সিদ্ধান্ত গ্ৰহণ কৰা প্রয়োজন।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post