Coronavirus: 24 ঘন্টাত ভিতৰত বিশ্বৰ লগতে ভাৰততো এক আচৰিত হাৰত বৃদ্ধি পাইছে। Asomiya Khabar

Corona virus
Photo source: Google 

দেশত এতিয়া কৰোনা ভাইৰাচৰ সংঘাৰ ৰূপ ধাৰণ কৰিছে। দিন প্রতি দিন কৰোনা সংক্রমণৰ সংখ্যা বাঢ়িব ধৰিছে। বিশ্বত এটিয়ালৈকে 56 লাখৰো অধিক কৰোনাত আক্ৰান্ত হৈছে।

ইয়াৰ ভিতৰত 3 লাখ 51 হাজাৰ 560 জন বৰ্তমানলৈকে মৃত্যুক সাৱতি লব লগীয়া হৈছে। 27 মে'ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে ভাৰতৰ 24 ঘন্টাত 6,387 নতুন কৰোনা আক্ৰান্ত হৈছে আৰু 170 জনৰ মৃত্যু হৈছে। এতিয়া ভাৰতত আক্ৰান্ত সংখ্যা 1 লাখ 51 হাজাৰ 767 হ'লগৈ। তাৰ ভিতৰত 83,004 সক্রিয়, 64,426 জন সুস্থ আৰু 4,334 জনৰ মৃত্যু হৈছে।

[ ] মহাৰাষ্ট্ৰতে 24 ঘন্টাত 2091 নতুনকৈ আক্রান্ত হৈছে, আৰু 97 জনৰ মৃত্যু হৈছে। ৰাজ্য খনত সবমূঠ 54 হাজাৰ 758 আক্ৰান্ত আৰু 1792 জন মৃত্যু হৈছে।
[ ] তামিলনাডুত 24 ঘন্টাত 462 নতুনকৈ আক্রান্ত হৈছে। ৰাজ্য খনত সবমূঠ 19 হাজাৰ 789 আক্ৰান্ত আৰু 239 জন মৃত্যু হৈছে।

[ ] দিল্লীত কৰোন আক্ৰান্ত সংখ্যা বাঢ়ি আছে 4.0 বাহাল থকাৰ পাছতো দিল্লীত 27 মেত 412 নতুন আক্ৰান্ত সংখ্যা আহিছে। এই নতুন সংখ্যাৰ পাচত দিল্লীত সবমুঠ 14,465 হ'লগৈ। ৰাজ্য খনত কৰোনত 288 জনৰ মৃত্যু হৈছে।
[ ] ৰাজস্থানত 27 তাৰিখে 24 ঘন্টাৰ ভিতৰত 236 নতুন আক্ৰান্ত সংখ্যা আহিছে। সবমুঠ ৰাজস্থানত 7,536 জনলৈ বৃদ্ধি পাইছে।

[ ] উত্তৰপ্রদেশতো কৰোনা বহুতো বেছি সংক্ৰমন হব ধৰিছে। 24 ঘন্টাৰ ভিতৰত 229 কৰোনাভাইৰাচত আক্ৰান্ত পোৱা হৈছে।

বিশ্বৰ সকলো দেশৰ লগতে ভাৰততো কৰোনাই ভয়ানক ৰূপে বৃদ্ধি পাইছে। লকডাউন 4.0 শেষ হোৱা পাছত ভাৰতত সকলো যাতায়ত আৰু কাম কাজ সাধাৰণ ভাবে চলিব। অর্থনীতি অলপ আগ বাঢ়িব বুলি আশা কৰিব পাৰি। কিন্তু কৰোনাই কিমান ভয়ানক ৰূপ লয় সেইটো এতিয়াই কব পৰা হোৱা নাই।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post