![]() |
| Asomiyakhabar.com |
গুৱাহাটী, খানাপাৰা: আজি খানাপাৰাত শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। দেশৰ VVIP-VIPৰে ভৰি পৰিছে খানাপাৰা। কিন্তু ইয়াৰ মাজতে খানাপাৰাত ঘটিল ভয়ংকৰ ঘটনা।
খানাপাৰাত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানৰ মাজতে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। আৰক্ষীয়ে অনুষ্ঠানস্থলীৰ পৰা এজন সন্দেহজনক লোকক আটক কৰাৰ লগতে তেওঁৰ পৰা ৪ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে।
সূত্ৰ অনুসৰি, নিয়মীয়া নিৰাপত্তা তল্লাশীৰ সময়ত লোকজনৰ ওচৰত এই গুলীসমূহ উদ্ধাৰ হয়। ঘটনাৰ পিছতে অনুষ্ঠানস্থলীত অধিক সতৰ্কতা অৱলম্বন কৰা হয় আৰু নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হয়।
আৰক্ষীয়ে আটক কৰা লোকজনক জেৰা অব্যাহত ৰাখিছে। প্ৰাথমিক তদন্তত গুলীসমূহ কেনেকৈ আৰু কি উদ্দেশ্যে লৈ আহিছিল, তাৰ তথ্য সংগ্ৰহ চলি আছে।
এই ঘটনাই বৃহৎ ৰাজহুৱা অনুষ্ঠানত নিৰাপত্তা ব্যৱস্থাৰ ওপৰত পুনৰ এবাৰ গুৰুত্ব আৰোপ কৰিছে। আৰক্ষীয়ে জনসাধাৰণক কোনো সন্দেহজনক বস্তু বা ব্যক্তি দেখিলে তৎক্ষণাত খবৰ দিবলৈ আহ্বান জনাইছে।

Post a Comment
Please do not enter any spam link in the comment box.