![]() |
Photo source: Google |
কৰোনা মহামাৰী কাৰণে সমগ্ৰ বিশ্বতে হাহাকাৰ হৈ আছে। মানুহৰ চিকিৎসা কৰিবলৈ সুবিধা নাইকীয়া হৈছে। বহুতো ৰোগী অক্সিজেনৰ অভাৱত মৃত্যুক সাবতি লব লগীয়া হৈছে। কিন্তু ইয়াৰ মাজতে কিছুমানে কৰোনা চিকিৎসা কাৰণে ঘৰেলো অন্ধবিশ্বাসৰ পৰামৰ্শ মতে চলি আছে। মধ্যপ্ৰদেশৰ গুনা নামৰ ঠাইত এনেকুৱা এক অন্ধবিশ্বাস দেখিবলৈ পোৱা গৈছে, যিটো কথা আপোনালোকে শুনিলে আচৰিত নহৈ নোৱাৰিব।
খবৰৰ মতে মধ্যপ্ৰদেশৰ গুনাত শুকান নদীৰ খান্দি উলোৱা পানী মানুহে কৰোনা দৰব হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে। গুনাৰ বমিৰী ৱাৰ্ডৰ জিহ্ৰী গাওঁত গুজৰাতী নদীত আজি ৩-৪ মাহ ধৰি পানী শুকাই আছে আৰু তাতে কৰবাত গাঁত খান্দিলে পানী উলাই। সেই কথাটো গোটেই গাঁৱত এটা ভুল প্ৰচাৰ বিয়পি পৰিল- যে ইয়াৰ পানী খালে কৰোনা ভাল হয়। আৰু মানুহে এই পানী খাবলৈ ধৰিছে।নদীৰ মাজত আগৰ পৰাও বহুত গাঁত খন্দা আছিল আৰু তাত থকা পানী খোৱাৰ মুঠেই উপযোগী নহয় আৰু সেই পানী খাই মানুহ বহুত বেলেগ বেলেগ বেমাৰ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য অধিকাৰী সকলে বুজোৱা পাছতো গাঁৱ লোক সকলে মানিব নোখোজে।
এই নদী খন গভীৰ জংঘলৰ মাজেৰে বৈ আহিছে আৰু যদি নদীৰ মাজৰ বালিত গাঁত খন্দা হয়, তাত পানী উলোৱাতো স্বাভাৱিক এইয়া কোনো অলৌকিক ঘটনা নহয়। কিন্তু মানুহ সকলে মানিব নোখোজে আৰু পানী খাবলৈ ধৰিছে।
Post a Comment
Please do not enter any spam link in the comment box.