বিদ্যালয় পর্যায়ত অভিনয় শিক্ষাৰ প্রয়ােজনীয়তা

Photo source: Google 

শিক্ষাই মানুহৰ আচৰণ বিকাশ শুদ্ধভাৱে পৰিচালনা কৰি এজন জীৱনযােগ্য ব্যক্তিলৈ উত্তীর্ণ কৰিব লাগিব । সৰলভাৱে ইয়েই হৈছে শিক্ষাৰ মূল উদ্দেশ্য। জীৱন - যােগ্যতা অর্জন কৰাটো এক ধাৰাবাহিক প্রক্রিয়া , এক আন্তৰিক প্ৰচেষ্টাৰ মাজেৰে শিকা জীৱন কৌশল ( life skill ) বােৰেই এজন শিক্ষার্থীক জীৱনযােগ্য ( life efficient ) ব্যক্তি হিচাবে গঢ়ি তুলিব পাৰে । প্ৰকৃততে এজন শিশুৰ বাবে গােটেই । পৃথিৱীখনেই এখন পাঠশালা । শিক্ষক সকলৰ কাম হৈছে পৃথিৱীৰ এই সুবৃহৎ পাঠশালাৰ পৰা জ্ঞান আহৰণ কৰাৰ দক্ষতা ছাত্র - ছাত্রীক প্রদান কৰা । 


সেই অর্থত পাঠ্য পুথিবােৰ হৈছে শিক্ষাথীৰ আহিলা মাত্র । সেইয়া জ্ঞান ' ভাণ্ডাৰৰ কাষ চাপিবৰ বাবে প্ৰাৰম্ভিক অৰ্হতাহে। যেনেকৈ হাতত উন্নত সঁজুলি থাকিলেই এজন ব্যক্তি ভাল কাৰিকৰ বা পাৰদৰ্শী শিল্পী হ'ব নােৱাৰে , ঠিক একে ধৰণেই পুথিগত জ্ঞানৰ মূল্যয়নত সর্বাধিক নম্বৰ পালেও এজন ছাত্র জীৱনযােগ্য হৈ নুঠিবও পাৰে ।

জ্ঞান অর্জনৰ পৰৱৰ্তী পৰ্য্যায়সমূহ অধিক কঠিন আৰু মৌলিক । এইবােৰ ৰুটিনমাফিক পাঠদানেৰে সম্ভৱ নহয় । জ্ঞানে বােধৰ সৃষ্টি কৰিব লাগিব । সেই বােধেৰে আমি সমস্যাৰ বিশ্লেষণ আৰু সমাধানৰ সংশ্লেষণ কৰিব পাৰিব লাগিব , যাতে আমি আয়ত্ব জ্ঞানৰ প্ৰয়ােগ কৰিব পাৰাে আৰু সদৌ শেষত আমি কৰা কামবােৰৰ মূল্যায়নে আমি নিজে কৰিব পাৰিব লাগিব । এই প্রতিটো পর্যায়ৰ দক্ষতা অর্জনাে এক কষ্টসাধ্য প্রক্রিয়াৰ মাজেৰেহে সম্ভৱ হৈ উঠে । এতিয়া আমি অভিনয়ৰ কথালৈ আহাে , জীৱন যােগ্যতা অর্জনৰ এই জটিল প্রক্রিয়াক বহুপৰিমাণে সহজসাধ্য কৰি তুলিব পাৰে অভিনয় শিক্ষাই । অভিনয় শিক্ষা হ'ব পাৰে শিক্ষন - শিক্ষনৰ অনুঘটক স্বৰূপ । অভিনয় হৈছে জীৱনৰ দাপােন স্বৰূপ । অভিনয়ৰ উদ্দেশ্য হৈছে বােধৰ প্ৰবাহৰ যােগেদি সত্যৰ সন্ধান কৰা । এই কলাত জীৱনক পৰীক্ষাগাৰত পৰীক্ষা কৰা হয় । সমস্যাৰ বিশ্লেষণ , সমাধানৰ সংশােষণ কৰা হয় । জীৱন দৰ্শনৰ প্রয়োগেৰে । নিজক ডাঙি ধৰাৰ সুযোগ আৰু আনক বুজাৰ সুযােগে ছাত্র - ছাত্রী আগ্ৰহী আৰু আত্মবিশ্বাস কৰি তুলিব পাৰে । জীৱনৰ বহু পৰিস্থিতি - পৰিৱেশৰ মুখামুখী হােৱাৰ এক জীৱন অভিজ্ঞতাৰ সুযােগ পাব পাৰে অভিনয়ৰ যােগেদি। সচেতন নাগৰিক হিচাবে বিভিন্ন পৰিস্থিতিত নিজৰ কর্তব্যৰ প্রতি সজাগ হােৱাৰ আগতীয় সুযােগ অভিনয়ে দিব পাৰে ।

Photo source: Google 

ব্যক্তিত্ব আচৰণৰ ঋণাত্মক দিশবােৰ যেনে লাজ , ভয় , সংশয় , নিচাত্মিক আদি নাইকীয়া কৰি ধনাত্মক গুণ আৰু আচৰণৰ বিকাশ কৰিবলৈ নাটক বা অভিনয় শিক্ষাই এক সুবিধা ক্ষেত্র প্রদান কৰে । পৰ্যবেক্ষণৰ জৰিয়তে শিক্ষাৰ অভিজ্ঞতা , অনুকৰণ স্মৃতিৰ পূণঃজাগৰণ আদি বিভিন্ন পদ্ধতিসমূহ প্রয়ােগে ছাত্র বা শিকাৰুৰ মনটো শক্তিশালী কৰি তােলে । স্মৃতিশক্তি প্রখৰ আৰু বােধ শক্তিৰ বিকাশ হয় ।

অভিনয়ৰ আন এটা যােগাত্মক দিশ হ’ল শাৰীৰিক ব্যায়াম আৰু শৰীৰ আৰু মনৰ সংযােগ স্থাপন । যেতিয়া ছাত্র - ছাত্রীয়ে জীৱ - জন্তু বা যিকোনাে সত্বাৰ অনুকৰণ কৰে , তেতিয়া শাৰিৰীক কচৰৎ প্রয়ােজন হয় । উদাহৰণস্বৰূপে এটা বান্দৰৰ অভিনয় কৰােতে ছাত্ৰজনে প্রথমতে বান্দৰ সম্পর্কে তেওঁৰ পূৰ্বৰ স্মৃতি মনত পেলাবলৈ চেষ্টা কৰে । তাৰ পিছত মনােসংযােগেৰে তাক নিজৰ দৈহিক অভিব্যক্তি প্রকাশ কৰিব খােজে । একে সময়তে নিজে কৰা কামখিনি মুল্যায়ন আৰু বিশুদ্ধকৰণো কৰিব পাৰে । এই শাৰীৰিক কচৰৎ আৰু মানসিক ধ্যানৰ পদ্ধতিটোৱে ছাত্র - ছাত্রীৰ সমাধান এজন সফল ব্যক্তিৰ জীৱনৰ আধাৰ । হতাশা সফল জীৱনৰ অন্তৰায় । অভিনয়ে সকলাে ধৰণৰ আবেগ - অনুভূতিৰ ওপৰত নিয়ন্ত্রণ পাবলৈ সহায় কৰে । অভিনয়ে মানসিক স্বাস্থ্য গঠন কৰে।

বিদ্যালয় পৰ্য্যায়ত অভিনয় শিক্ষাৰ এক পৰিৱেশ গঢ়ি তুলিব পাৰিলে আমি শিক্ষা ব্যৱস্থাৰ উদ্দেশ্যগত বাটেৰে যাত্ৰা কৰিবলৈ বহুত সহজ হ’ব ।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post