![]() |
Photo source: Google |
প্ৰতিতো দশকতেই একো একোটা সমস্যা আহি আছে, কেতিয়াবা মহাপ্ৰলয়, কেতিয়াবা বেমাৰ আহে যিয়ে পৃথিৱীৰ বহু লোকক মৃত্যুৰ মুখলৈ ঠেলি পঠিয়াই। এইবাৰ কৰোনা কৰাল গ্ৰাসত সমগ্ৰ বিশ্ব। এই ভাইৰাচে সমগ্ৰ বিশ্বতেই প্ৰভাৱ পৰিছে। কেইবাখনো দেশত লাখ লাখ মানুহে হেৰুৱাইছে প্ৰাণ এই মহামাৰী বাবে। বৰ্তমানলৈকে ইয়াৰ শেষ হোৱাৰ নাম নাই। ওলোটাই ইয়াৰ প্ৰভাৱ বেছিকৈহে পৰিছে বিশ্বত।
তেন্তে কি এইবাৰ মানুহৰ অস্তিত্বই নোহোৱা হৈ যাব নেকি পৃথিৱীৰ পৰা, নোহোৱা হৈ যাব নেকি মানুহ, ধ্বংস হৈ পৰিব নেকি পৃথিৱী এনে বহু প্ৰশ্নৰ উত্তৰ বিচাৰিছে বহু বৈজ্ঞানিকে।কিন্তু আজিলৈকে ইয়াৰ সঠিক উত্তৰ কোনেও উলিয়াব পৰা নাই। কিয়নো প্ৰকৃতিৰ ওপৰত কাৰো নিয়ন্ত্ৰণ নাই । প্ৰকৃতিয়ে কেতিয়া কি কৰে সেয়া কেৱল প্ৰকৃতিয়েহে জানে আৰু আমি কল্পনাৰ কৰিব পাৰো এক ঐশ্বৰিক শক্তি কথা।
কিন্তু এই সকলো বোৰৰ বিপৰীতে হাৱাৰ্ড বিশ্ববিদ্যালৰ গৱেষকে গাণনিক পদ্ধতিৰে উলিয়াই কিছু তথ্য। তেওঁ লোকে প্ৰকাশ কৰা তথ্য অনুসৰি পৃথিৱী বৰ্তমানে কৈশোৰ অৱস্থাত আছে আৰু বহু শতিকা পৃথিৱী থাকিব, পৃথিৱীৰ কেতিয়াও ধংস হ'ব নোৱাৰে কিন্তু পৃথিৱীত মানুহ থকাৰ উপযোগী হৈ নাথাকিব, তাৰ বাবে দুখি মানুহ নিজেই।
আজি মানুহ বাসস্থান বিচাৰে মহাকাশলৈ গমন কৰিছে কিন্তু তাকো কেৱ মানুহৰ নিজৰ কু-কৰ্মৰ বাবেই এনে একেই পৰিস্থিতি হ'ব। মানুহৰ কামৰ বাবেই পৃথিৱীত কৰোনা দৰে মহামৰীয়ে সংঘাৰ ৰূপ ধৰিছে। তাৰোপৰি হিমবাহ গলা, বন জুই আদিয়ো মানুহে কৰা প্ৰকৃতিৰ ধংস বাবে। যেনদৰে অষ্ট্ৰেলিয়া বনজুইত কোটিৰ ঘৰত বন্যজীৱই প্ৰাণ হেৰুৱালে তেনেদৰে এইবাৰ কৰণাৰ বাবে মানুহে মানুহক হেৰুৱাইছে।
সেয়ে মানুহে এনে কিছু উদ্ভাৱন কৰিব লাগিব যাৰ জৰিয়তে মানুহে অধিক সময় এই পৃথিৱীত মানুহ জীয়াই থাকিব পাৰে, জলবায়ু সুৰক্ষাৰ ন ন চিন্তা কৰিব লাগিব, প্ৰকৃতিক বিনষ্ট নকৰাকৈ উৰ্জা শক্তিৰ উদ্ভাৱন কৰিব লাগিব।
Post a Comment
Please do not enter any spam link in the comment box.