দেশত আকৌ হব নেকি সম্পূৰ্ণ লকডাউন, কভিদ নিয়ন্ত্ৰণ সংস্থাৰ মুৰব্বী গৰাকীয়ে কয়- দিয়া হৈ গল কেন্দ্ৰীয় পৰা ৰাজ্যক লকডাউনৰ নিৰ্দেশ


Photo source: Google 

দেশত আকৌ হব নেকি সম্পূৰ্ণ লকডাউন, কভিদ নিয়ন্ত্ৰণ সংস্থাৰ মুৰব্বী গৰাকীয়ে কয়- দিয়া হৈ গল কেন্দ্ৰীয় পৰা ৰাজ্যক লকডাউনৰ নিৰ্দেশ

দেশত কৰোনা মহামাৰী দ্বিতীয় সংক্ৰমন প্ৰথম কৰোনা ভাইৰাচৰ সংক্ৰমন কৈ বেছি ভয়ানক। লগতে আগতকৈ বেছি হাৰত বৃদ্ধি পাইছে। দৈনিক হাজাৰতকৈ বেছি ব্যক্তি মৃত্যু হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সংক্ৰমন ৰোধ কৰিবলৈ চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই।
ইয়াৰ মাজতে ছচিয়েল মিডিয়াত এটা খবৰ ভাইৰেল হৈছে যে "কেন্দ্ৰীয় চৰকাৰে কৰোনা সৈতে যুজিবলৈ ২১ দিন সম্পূৰ্ণ লকডাউন দিবলৈ গৈ আছে। আৰু লগতে কোৱা হৈছে যে লকডাউন সম্পূৰ্ণ ৰূপে পালন কৰোৱাবলৈ পুলিচে প্ৰসাশন লগতে সেনাৰ উপৰত দায়িত্ব দিয়া হব।


দেশত লকডাউনক লৈ উঠা প্ৰশ্ন উত্তৰত কভিদ-১৯ বাবে গঠন কৰা সংস্থাৰ মুৰব্বী ডঃ ভি কে পলে কয় যে "কেন্দ্ৰীয় চৰকাৰে সংক্ৰমৰ চেইন চিঙিবলৈ ৰাজ্য চৰকাৰক প্ৰয়োজন সাপেক্ষে লকডাউনৰ অনুমতি দিয়া হৈ গল। তেওঁ কয় যে সংক্ৰমন সংখ্যা কমাবলৈ বাকি উপায় অৱলম্বনৰ লগতে জনসাধাৰণৰ গতি বিধি ওপৰতো প্ৰতিবন্ধ লগাব লাগিব। 29 এপ্ৰিল তাৰিখে ইয়াৰ নিয়ম নীত জাৰি কৰা হৈছিল।"

লগতে তেওঁ আৰু কয় যদিহে সংক্ৰমন সংখ্যা বাঢ়ি ১০ শতাংশকৈ বেছি হয়, তাত নাইট কাৰফিউ দিয়া হব, কিন্তু এই সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। ইয়াৰ উপৰিও সামাজিক, ৰাজনৈতিক, খেল ধেমালি উপৰতো প্ৰতিবন্ধ লগোৱা হব।

যোৱা ২৪ ঘন্টাৰ ভিতৰত কৰোনাই ভাঙিলে সকলো ৰেকৰ্ড

৪ লাখ ১২ হাজাৰ ২৬২জন কৰোনা ভাইৰাচত আক্ৰান্ত, যোৱা ২৪ ঘন্টাত।
মৃত্যু সংখ্যা ৩৯৮০। সবমুঠ ভাৰতত ২ কোটি ১০ লাখ ৭৭ হাজাৰ ৪১০ গৰাকী সংক্ৰমন হোৱাৰ বিপৰীতে ২ লাখ ৩০ হাজাৰ ১৬৮ জনৰ মৃত্যু হৈছে।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post