![]() |
Photo source: Google |
লকডাউন চলি থকা সময়ত সমগ্ৰ দেশত কৰোনা সংক্ৰমন ভয়ানক পৰিস্থিতি কাৰণে জন-সমাগম কম আছিল আৰু লাহে লাহে কৰোনা সংক্ৰমন সংখ্যা কমিছিল।
এতিয়া দেশ সম্পূৰ্ণ ৰূপে আন-লক সকলো ঠাইতে মানুহৰ ভীৰ থাকেই, ৰাজহুৱা সভা, হাত-বজাৰ সকলো সম্পূৰ্ণ মুক্ত।যোৱা কিছু দিন ধৰি পুনৰ ঠায়ে ঠায়ে দ্ৰুত গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। তাৰ ভিতৰত দেশৰ ৰাজধানী নতুন দিল্লীত কৰোন ভাইৰাচৰ সংক্ৰমন দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে।
কোৰোণাৰ ভয়াৱহতালৈ চাই ৰাজধানী দিল্লীত পুনৰ ল’ক ডাউন জাৰি কৰাৰ চিন্তা চৰ্চা কৰিছে কেজৰিৱাল চৰকাৰে। অকল নতুন দিল্লীতে নহয় কেৰালা আৰু মহাৰাষ্ট্ৰতো কৰোনা দ্বিতীয় ঢৌ আৰম্ভ হইছে। দিল্লীত লকডাউন লগতে সান্ধ্য আইন জাৰি কৰা সম্ভাৱনা আছে। সেই বিষয়ে দিল্লী চৰকাৰে উচ্চ ন্যায়ালয়ক অৱগত কৰিছে।
যোৱা ৩-৪ মাহ ধৰি চলি থকা লকডাউনে দেশৰ অৰ্থনীতি আৰু জনজীৱনত বেয়াকৈ প্ৰভাৱ পেলাই গইছিল। আকৌ কৰোনা সংক্ৰমন সংখ্যা বৃদ্ধি লকডাউনে আৰু কিমান দূৰ পিছলৈ লৈ যাই তাক এতিয়াই কল্পনা কৰিব পৰা নাযাব।
যোৱা ২৪ ঘণ্টাত ৰাজধানী দিল্লীত কোৰোণাত আক্ৰান্ত হ’ল ৫,৮৭৯ জন পোৱা গৈছে। দিনটো ভিতৰতে ১১ জনে মৃত্যুক সাবতি লব লগীয়া হৈছে। মহাৰাষ্ট্ৰ আৰু কেৰালা পৰিস্থিতি বহুতেই ভয়াৱহ। গতিকে পৰিস্থিতি আৰু যাতে বেয়ালৈ নাযাই তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আকৌ লকডাউন চিন্তা চৰ্চা কৰিছে।
Post a Comment
Please do not enter any spam link in the comment box.