COVID-19: এটা ভাল খবৰ, সোনকালেই সলনি হব দেশত কৰোনা পৰিস্থিতি | Asomiya Khabar

COVID-19
Photo source: Google 


কৰোনা ভাইৰাচৰ পৰিস্থিতি ভাৰতত শুধৰণি হবলৈ ধৰিছে। যদিও COVID-19 সংক্ৰমনৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু চিকিৎসা দ্বাৰা ভাল হোৱা সংখ্যা বাঢ়িছে ।

 নতুন সমীক্ষা মতে দেশত COVID-19 পৰা ভাল হোৱা সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে। বর্তমান চিকিৎসা পাছত ভাল হোৱা সংখ্যা ৫৬.৩৮ শতাংশ বৃদ্ধি পাইছে। দেশত এতিয়ালৈকে সর্বমুঠ ৪,৪১,৬৪৩ কৰোনাত আক্ৰান্ত হৈছে আৰু তাৰ বিপৰীতে ২,৪৮,৪৫০ জন চিকিৎসা পাছত সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠিছে। বর্তমান COVID-19 এক্টিভ সংখ্যা ১,৭৯,১৬৬ জনৰ চিকিৎসা চলি আছে ।

এই সংখ্যালৈ মন কৰিলে বুজিব পাৰি যে দেশৰ COVID-19 আক্ৰান্ত হৈ সুস্থ হোৱা সংখ্যা বৃদ্ধি পাইছে। সমগ্ৰ বিশ্বত কৰোনা ভাইৰাচৰ সৃষ্টি কৰা পৰিস্থিতি উপৰত মন কৰিলে দেখা যায় যে ভাৰতৰ পৰিস্থিতি বহুতেই ভাল, কাৰণ ভাৰতত জনসংখ্যা বেছি সেই হিচাপত কৰোনা সংক্ৰমন সংখ্যা কম। কেন্দ্ৰীয় চৰকাৰ ৰিপোৰ্টৰ মতে প্রতি ১ লাখ জনসংখ্যাৰ বিপৰীতে 30 জন COVID-19 আক্ৰান্ত হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় ৰিপোৰ্টৰ মতে ১ জুনৰ পৰা আজি লৈকে (২৩ জুন) দেশত ২,৪৯,৬৪০ জন COVID-19ত আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে। ই সংখ্যা ৭০ শতাংশই মহাৰাষ্ট্ৰ, তামিলনাডুৰ, দিল্লী আৰু গুজৰাটৰ পৰাই আহিছে। এজন স্বাস্থ্য বিষয়াই জনোৱা মতে যোৱা ২৪ ঘন্টাত ভিতৰত ১০,৯৯৪ জন COVID-19 পৰা সম্পূৰ্ণ সুস্থ হৈ উঠিছে আৰু সেই কাৰণে ভাল হোৱা সংখ্যা ৫৬.৩৮ শতাংশলৈ বৃদ্ধি পাইছে।

আমেৰিকা , ব্রাজিল আৰু ৰুছৰ পাছতে ভাৰতেই সবাতোকৈ বেছি কৰোনা আক্ৰান্ত দেশ। বিশ্বৰ ভিতৰত আমেৰিকাতে সকলোতকৈ বেছি মৃত্যু হৈছে, ভাৰত মৃত্যু সংখ্যা ফালৰ পৰা ৮ নম্বৰত আছে। এতিয়া লৈকে ভাৰতত ১৪,০১১ জনৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰতে ৬,২৮৩ জনৰ মৃত্যু হৈছে, দিল্লীত ২,২৩৩ জন, গুজৰাট ১,৬৮৪, তামিলনাডুৰ ৭৯৪, পশ্চিমবঙ্গ ৫৬৯, মধ্যপ্ৰদেশত ৫২১, উত্তৰপ্রদেশ ৫৬৯ আৰু ৰাজস্থানত ৩৫৬ জনৰ মৃত্যু হৈছে।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post